ৰামমন্দিৰ আন্দোলনৰ জনক লালকৃষ্ণ আদৱানীৰ ভাষ্যত আৱেগ আৰু কটাক্ষ?

LK Advani

অযোধ্যাৰ ৰাম মন্দিৰৰ ঐতিহাসিক শিলান্যাসৰ সম্পৰ্কত বহু মত প্ৰকাশিত হৈছে । এই আন্দোলনৰ পুৰোধা দেশৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানীয়ে কালি সন্ধিয়া প্ৰকাশ কৰা এক বিবৃতিত পৰিলক্ষিত হয় কটাক্ষ আৰু আৱেগ। ভূমি পূজন অনুষ্ঠানৰ আমন্ত্ৰণ লাভৰ পৰা বঞ্চিত হোৱা আদৱানীয়ে কয় যে ৰাম মন্দিৰে শান্তি আৰু সৌহাদ্যপূৰ্ণ ভাৰতৰ প্ৰতিনিধিত্ব কৰিব । য’ত কোনো বহিষ্কৃত নহয়। সকলোৰে বাবে ন্যায় প্ৰাপ্তি হ’ব। এয়াই তেওঁৰ বিশ্বাস ।

তেওঁ সোঁৱৰাই দিয়ে যে ৩০ বছৰৰ পূৰ্বে ৰাম জন্মভূমি আন্দোলনৰ সময়ত তেওঁ ৰথযাত্ৰা কৰিছিল। আদৱানীৰ ভাষাত, ‘মই বিনম্ৰতাৰ সতে অনুভৱ কৰো, নিয়তিয়ে মোক সোমনাথৰ পৰা অযোধ্যালৈ ৰথযাত্ৰাৰ এই দায়িত্ব দিছিল ।’ ভূমি পূজনৰ অনুষ্ঠানত বয়সৰ হেতুকে উপস্থিত থাকিব নোৱাৰিলেও ভদ্ৰতাৰ খাতিৰতো কিয় ফোন বা ইমেইলযোগে তেওঁক আমন্ত্ৰণ জনোৱা নহল তাকে লৈ প্ৰশ্ন উঠিছে।

তাৎপৰ্যপূৰ্ণভাৱে আদৱানীয়ে ৰামৰ বৰ্ণনাত সেই শিষ্টাচাৰ প্ৰসংগ উত্থাপন কৰে । তেওঁ কয়, শ্ৰী ৰামৰ স্থান ভাৰতীয় সংস্কৃতি আৰু সভ্যতাৰ কাঠামোত সৰ্ব্বোচ্চ। তেওঁ বিনয়, মৰ্যাদা আৰু শিষ্টাচাৰৰ মূৰ্ত ৰূপ। ৰাম মন্দিৰ নিৰ্মাণ আন্দোলনৰ আন এজন অন্যতম পুৰোধা মুৰলি মনোহৰ যোশীয়েও লাভ নকৰিলে আমন্ত্ৰণ। আন্দোলনৰ পাঁচ প্ৰধান চৰিত্ৰ আদৱানী, যোশী, কল্যাণ সিংহ, উমা ভাৰতী আৰু বিনয় কাটিয়াৰ কোনো এজনেও উপযুক্ত স্থান লাভ নকৰা বুলি চৰ্চিত হৈছে ।

Exit mobile version