ইংলেণ্ডৰ সমুদ্ৰ উপকূলত ৰহস্যময় প্ৰাণীৰ মৃতদেহ উদ্ধাৰ

Screenshot 21

ইংলেণ্ডৰ আইন্সডেল অঞ্চলত সমুদ্ৰ উপকূলত উদ্ধাৰ হৈছে এটা অচিন প্ৰাণীৰ মৃতদেহ । মৃতদেহটোৰ চাৰিখন ভৰি; চাৰিওখন দেখিবলৈ কিছু বিচিত্ৰ প্ৰাণীটোৰ বহুবিলাক হাড় বাহিৰলৈ ওলাই আহিছিল । এনে একোডাল হাড় চাৰিফুট পৰ্যন্ত দীঘল । মৃতদেহ দেখা সকলৰ মতে ৰহস্যময় প্ৰাণীটো আচলতে এটা নহয়, দুটা প্ৰাণী সংলগ্ন হৈ আছে । ৰহস্যময় প্ৰাণীটোৰ এই মৃতদেহটোৰ ছবি প্ৰথম আইন্সডেল কমিউনিটী গ্ৰুপৰ ফেচবুকত প’ষ্ট কৰা হৈছিল ।

অতি কম সময়ৰ ভিতৰতে ছবিখন ভাইৰেল হৈ পৰে । ৰহস্যময় প্ৰাণীটোৰ সন্দৰ্ভত বহুজনে অনুমানৰ আধাৰত বিভিন্ন মন্তব্য কৰিছে । অৱশ্যে এই মন্তব্যৰ পৰা ৰহস্যময় মৃতদেহ সন্দৰ্ভত কোনো স্থিৰ সিদ্ধান্তলৈ আহিব নোৱাৰিলে কোনো এজন । প্ৰশাসনৰ তৰফৰ পৰা মৃতদেহটো প্ৰকৃততে কিহৰ আছিল সেই সন্দৰ্ভতো এতিয়ালৈ অভিমত ব্যক্ত কৰা হোৱা নাই ।

Exit mobile version