চাওঁ আহক আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ

Landslide

■ কেৰেলাৰ ইডুক্কি জিলাৰ ৰাজমালা অঞ্চলত হোৱা ভূমিস্থলনত পাঁচজন লোক নিহত হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ ।

■ সুশান্ত সিঙৰ মৃত্যু সন্দৰ্ভত ইডিয়ে জাৰি কৰা চমন অনুসৰি আজি মুম্বাইৰ ই ডিৰ কাৰ্যালয়ত উপস্থিত হয় ৰিয়া চক্ৰৱৰ্তী ।
■ ৰিয়া চক্ৰৱৰ্তীয়ে মুম্বাইৰ ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতে সুশান্ত সিং ৰাজপুতৰ ভগ্নী, শ্বেতা সিঙে ছ’চিয়েল মাধ্যমত ভগৱান শিৱৰ এক ফটোৰ স’তে ‘হৰ হৰ মহাদেৱ’ বুলি লিখি এটা প’ষ্ট শ্বেয়াৰ কৰে ।
■ ৰাম মন্দিৰৰ ভূমি পূজন অনুষ্ঠানৰ দিনা ছ’চিয়েল মিডিয়াত সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে উত্তৰ প্ৰদেশত আৰক্ষীয়ে ৩ জন লোকক গ্ৰেপ্তাৰ কৰে।
■ অন্যহাতে, দেশত প্ৰতিদিনে ৫৩ হেজাৰৰো অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে । দেশৰ ৰাজ্যবোৰৰ ভিতৰত মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু উত্তৰ প্ৰদেশৰ পৰিস্থিতি যথেষ্ট উদ্বেগজনক হৈ আছে। এই পর্যন্ত দেশত মুঠ আক্ৰান্তৰ সংখ্যা ২০,২৭,০৭৪ জন , ইয়াৰে সুস্থ হৈ উঠিছে ১৩,৭৮,১০৫ জন আৰু মৃত্যু হৈছে ৪১,৫৮৫ জনৰ।

Exit mobile version