তেজপুৰত সেনা প্ৰধান নৰভানু

WhatsApp Image 2020 08 07 at 10.59.54 PM

দেশৰ সেনা প্ৰধান জেনেৰেল এম এম নৰভানু দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে তেজপুৰত উপস্থিত হয় । সেনাৰ গুৰুত্বপূৰ্ণ চতুৰ্থ ক’ৰৰ মুখ্য কাৰ্যালয় তেজপুৰস্থিত গজৰাজ ক’ৰত জি অ চি লেফটেনেন্ট জেনেৰেল অনিল চৌহান সহ সেনাৰ উচ্চ পদস্হ বিষয়া সকলে সেনাৰ মুৰব্বী গৰাকীক আদৰ সম্ভাষণ জনোৱাৰ লগতে বিভিন্ন কাৰ্যক্ৰমণিকা আৰু সেনাৰ প্ৰশাসনিক দিশ সমুহৰ বিষয়ে ব্যাখ্যা কৰে ।

ইয়াৰ পাছতে গজৰাজ ক’ৰৰ অধীনস্থ বিভিন্ন কোম্পানীৰ মুৰব্বী সকলৰে মত বিনিময় কৰি সুৰক্ষা আৰু অভিযান সন্দৰ্ভত বিস্তৃত আলোচনা কৰে দেশৰ  সেনা প্ৰধানজনে ৷ ৰাষ্ট্ৰৰ অখণ্ডতা সুৰক্ষিত ৰাখিবলৈ ভাৰতীয় সেনাই সকলো প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে সকলো সময়তে অধিক সতৰ্কতা আৰু পেছাদাৰী ভাবে সেনাই সেৱা আগবঢ়াই আহিছে বুলিও কয় নৰভানুৱে। সেনাৰ মুৰব্বীজনে ইয়াৰ পৰা লখনৌস্থিত সেনাৰ মূখ্য কাৰ্যালয় পৰিদৰ্শন কৰিব বুলি সেনাৰ দ্বাৰা প্ৰকাশিত এক বিবৃতিত কোৱা হৈছে ৷

Exit mobile version