ধুবুৰী যোগান বিভাগৰ কাৰ্যালয়ৰ দুজনকৈ পৰিদৰ্শক কৰ’নাত আক্ৰান্ত

WhatsApp Image 2020 08 07 at 8.42.34 PM

ধুবুৰী উপায়ুক্তৰ কাৰ্যালয়ৰ ওপৰ মহলাত থকা যোগান বিভাগত আজি হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । বিভাগটোৰ দুজনকৈ পৰিদৰ্শক নৱ কুমাৰ ডেকা আৰু মৃগেন দাসৰ দেহত ধৰা পৰে কৰ’না পজিটিভ । প্ৰাপ্ত তথ্য মতে ধুবুৰী যোগান বিভাগত ৪ জন পৰিদৰ্শক, ৫ জন উপ-পৰিদৰ্শককে ধৰি মুঠ ১৬ জন বিষয়া-কৰ্মচাৰী আছে ।

বিভাগটোৰ উপ-সঞ্চালক বিপিন চক্ৰৱৰ্তীয়ে আজি ফোন যোগে জানিবলৈ দিয়ে যে তেওঁৰ বিভাগটোত কৰ্মৰত প্ৰতিজন বিষয়া-কৰ্মচাৰীকে কালিৰ পৰা ক’ভিড পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে । ইপিনে আজি ধুবুৰী জিলা উপায়ুক্তই এক নিৰ্দেশ যোগে ধুবুৰী যোগান বিভাগ আৰু ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰতিজন বিষয়া-কৰ্মচাৰীক ৰেপিড এন্টিজেন টেষ্ট কৰাৰ নিৰ্দেশ দিছে । লগতে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ কোনো বিষয়া বা কৰ্মচাৰীয়ে বিশেষ জৰুৰী কাম নহ’লে ৪৮ ঘন্টাৰ বাবে কাৰ্যালয়লৈ অহাত নিষেধ আৰোপ কৰিছে ।

Exit mobile version