নলবাৰীত কৰ’নাত আক্ৰান্তৰ সংখ্যা ১০৬৫ জনলৈ বৃদ্ধি

covid19

নলবাৰী জিলাত ভয়াবহ ৰূপত বৃদ্ধি হৈছে অতিমাৰী কৰ’নাৰ সংক্ৰমণ । জিলাখনত শুকুৰবাৰে পুনৰ ৭২ গৰাকী লোক এই ৰোগত আক্ৰান্ত হয় । উল্লেখ্য যে শুকুৰবাৰে জিলাখনৰ বিভিন্ন প্ৰান্তৰ আক্ৰান্ত ৭২ জন সহ জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ১০৬৫ জনলৈ বৃদ্ধি পালে । লক্ষ্যনীয় কথা যে জিলাখনত প্ৰতিদিনে সংক্ৰমিত লোকৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি হোৱাত ৰাইজ শংকিত হৈ পৰিছে ।

ADVERTISEMENT

উল্লেখ্য যে এই আক্ৰান্তসকলক শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ৬৯ জন, খাতিকুছি ক’ভিদ হাস্পতালত ৩৮ জন, বেলশৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ২৯ জন, মাখিবাহা মডেল হাস্পতালত ৪৬ জন, আদাবাৰীত ৪৭ জন, জিলা কাৰাগাৰত ১০ জন, চণ্ডী মেধি চি চি এচত ৯৮ জন, বৰভাগ মহাবিদ্যালয়ত ১৮ জন আৰু নিজ নিজ গৃহত ৭৩ গৰাকী সহ মুঠ ৪২৮ জন আক্ৰান্ত লোকক স্বাস্থ্য বিভাগে নিৰীক্ষণ ৰাখিছে।

Exit mobile version