ধুবুৰীত লোমহৰ্ষক হত্যাকাণ্ড

12cb1c09 466a 4e18 823f 9bd41c44f5eb

ধুবুৰীৰ অয়ৰাণ জংলা অঞ্চলত এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোৰ লগতে চহৰ খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে প্ৰাপ্ত বাতৰি মতে , ধুবুৰী চহৰৰ গাতে লাগি থকা এ এম কো ৰোড় আৰক্ষী চকীৰ অন্তৰ্গত আয়ৰাণ জংলা অঞ্চলত আজি পুৱা প্ৰায় ৬:৩০ মান বজাত এজন ড্ৰাগছ আসক্ত যুৱকে হানি খুচি হত্যা কৰিলে এজন নিৰীহ লোকক ।

সাহিনুৰ ইছলাম ( ৩৫ ) নামৰ লোকজনে পুৱা নিজৰ ঘৰৰ চোতালত বহি থকা সময়তে হঠাৎ প্ৰতিবেশী জালাল শেখ নামৰ এজন ড্ৰাগছ আসক্ত যুৱকে হাতত চোকা অস্ত্ৰ লৈ আক্ৰমণ কৰে সাহিনুৰ ইছলামক ।ফলত থিতাতে নিহত হয় সাহিনুৰৰ । পিছত স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত জানিব পাৰি অঞ্চলটোৰ ৰাইজৰ মাজত এক হুৱা দুৱা পৰিবেশৰ সৃষ্টি হয় যহিও হত্যাকাৰী জালাল শেখক আটক কৰি ৰাইজে উওম মাধ্যম সোধাই স্থানীয় আৰক্ষীক অৱগত কৰে ৷

ইয়াৰ পিছত আৰক্ষীৰ বৃহৎ দল ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে সাহিনুৰ ইছলাম নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি ধুবুৰী অসামৰিক চিকিৎসাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে । ইপিনে অঞ্চলটোত স্থানীয় আৰক্ষীৰ ছত্ৰছায়াতেই ড্ৰাগছৰ বেহা অব্যাহত আছে আৰু যাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজৰ ৷

Exit mobile version