মৰিগাঁৱত নকল ধনসহ দুজনক গ্ৰেপ্তাৰ

d8cf3440 13a4 4534 b56a 3d72086e5269

স্বাধীনতা দিৱসৰ পূৰ্বে মৰিগাঁও আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাৰ নেতৃত্বত আজি  এক অভিযানত ১৩ লাখ ৪০ হাজাৰ নকল টকা সৈতে দুজন লোকক গ্ৰেপ্তাৰ কৰা হয়। প্ৰাপ্ত তথ্য মতে আগন্তুক ১৫ আগষ্ট উপলক্ষে মৰিগাঁও আৰক্ষী সতৰ্ক হৈ থকাৰ সময়তে আজি  মৰিগাঁও জিলা আৰক্ষী অধীক্ষকৰ   দলটোৱে  জিলাখনৰ মিকিৰ ভেটা থানাৰ অন্তৰ্গত লাওতলীত খাপ পিতি ছিৰাজুল হক আৰু নুৰুল আমিন নামৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

ছিৰাজুলৰ ঘৰ মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত পলাসজুৰি গাঁৱত। ছিৰাজুলে নকল টকা খিনি লগত লৈ মৈৰাবাৰীৰ পৰা এ এছ ২১ বি ৪৫৫৪ নম্বৰৰ বাইক খনেৰে গৈ মিকিৰ ভেটা থানাৰ অন্তৰ্গত লাওতলী বজাৰৰ কাষৰ নুৰুল আমিনক দিবলৈ গৈছিল। ছিৰাজুলক দেখা পোৱা মাত্ৰকে আৰক্ষীয়ে ঘেৰি ধৰে যদিও পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে দুই জাই গুলিচালনা কৰে আৰু  অভিযুক্তই  আত্মসমৰ্পন কৰে ।

আৰক্ষী অধীক্ষক নন্দ সিঙে কয় – দুই অপৰাধীয়ে উক্ত টকা খিনি মাৰণাস্ত্ৰ ক্ৰয় কৰাৰ বাবে সৰবৰাহ কৰিছিল ।স্বাধীনতা দিৱসত কূটাঘাটমূলক কাম কৰাৰ অভিপ্ৰায় আগত ৰাখি অপৰাধী কেইটাই মাৰণাস্ত্ৰ ক্ৰয় কৰাৰ চেষ্টা কৰিছিল। কিন্তু অপৰাধী কেইটাই কেনেধৰণৰ মাৰণাস্ত্ৰ ক’ৰ পৰা ক্ৰয় কৰাৰ চেষ্টা কৰিছিল সেয়া ওলাই পৰিব আৰক্ষীৰ তদন্তত।

Exit mobile version