সুশান্ত সিং ৰাজপুতৰ ডায়েৰীৰ পৃষ্ঠা শ্বেয়াৰ কৰিলে প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীয়ে

235 r0

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সন্দৰ্ভত দিনে দিনে নতুন নতুন তথ্য পোহৰলৈ আহিছে ।ইতিমধ্যে ঘটনা সন্দৰ্ভত সমস্ত দায়িত্ব চি বি আইক অৰ্পণ কৰা হৈছে ।সুশান্ত সিং ৰাজপুতৰ পিতৃ কে.কে সিঙে বিহাৰ আৰক্ষীক সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে লিখিত ভাবে অভিযোগ দাখিল কৰিছিল।চি বি আইৰ তদন্ত অব্যাহত থকাৰ সময়তে ৰিয়া চক্ৰৱৰ্তীয়ে শ্বেয়াৰ কৰিলে সুশান্তৰ ডায়েৰীৰ পৃষ্ঠা।

‘মই নিজৰ জীৱনটো লৈ কৃতজ্ঞ ।মোৰ জীৱনত ছাৰ আৰু মেম (ৰিয়া চক্ৰৱৰ্তীৰ পিতৃ -মাতৃ) তেওঁলোকৰ ওচৰত চিৰ কৃতজ্ঞ ।’ফজ্’ৰ (সুশান্তৰ পোহনীয়া কুকুৰ)ওপৰতো কৃতজ্ঞ ।মোৰ জীৱনত তেওঁলোকৰ পৰা বহুত মৰম পালোঁ ।’ এইদৰে লিখা আছিল সুশান্তৰ ডায়েৰীৰ পৃষ্ঠাটোত।

ইতিমধ্যে ঘটনাৰ তদন্তৰ বাবে অহা বিহাৰ আৰক্ষীৰ উচ্চপদস্ত বিষয়াৰ দলটো মুম্বাইৰ পৰা বিহাৰলৈ উভতি গৈছে।তেওঁলোকৰ হাতত আহি পোৱা তথ্য অনুসৰি সুশান্তৰ ঘৰলৈ মাজে মাজে এজন তান্ত্ৰিকো আহে সুশান্তৰ চিকিৎসা কৰিবলৈ ।ৰিয়া চক্ৰৱৰ্তীৰ সহযোগত এই তান্ত্ৰিক জন সুশান্তৰ বাসভৱনলৈ মাহত দুই -তিনি বাৰকৈ আহিছিল।সুশান্ত আৰু ৰিয়াৰ ফোনৰ ‘call detail’ৰ পৰাও বহু তথ্য আৰক্ষীৰ হাতত আহি পৰিছে ।

Exit mobile version