ৰাম জন্মভূমিৰ পাছত এইবাৰ লক্ষ্য কাশী মথুৰালৈঃআন্দোলন ঘোষণা

634e798a 11c7 4d8a 8b12 1f98bb8dd1f1

অযোধ্যাতো ঝাঁকি হ্যে,কাশী মথুৰা বাকী হ্যে”এই ধ্বনিৰেই ৰাম জন্মভূমিৰ পাছত এইবাৰ হিন্দুসকলৰ আন দুই ধৰ্মীয় স্থান কাশী আৰু মথুৰাৰ প্ৰাচীন ঐতিহ্য পুনৰোদ্ধাৰৰ লক্ষ্য বান্ধি লৈছে হিন্দু ধৰ্মীয় সংগঠনে ৷যোৱা পাঁচ আগষ্টত অযোধ্যাত ৰামমন্দিৰৰ ভূমিপূজন আৰু শিলন্যাস সম্পন্ন হোৱাৰ পাছত এই সংগঠনসমূহৰ এই ধবনি পুনৰ প্ৰবল হৈ উঠিছে ।ইয়াৰ মাজতে কাশী আৰু মথুৰাকো মুক্ত কৰাৰ লক্ষ্যৰে আন্দোলন গঢ়ি তোলাৰ কথা ঘোষণা কৰিলে অখিল ভাৰতীয় আখাড়া পৰিষদে ৷

উল্লেখযোগ্য যে ৮০ দশকা শেষভাগত ৰাম জন্মভূমি আন্দোলনক কেন্দ্ৰ কৰি সমগ্ৰ দেশ উত্তাল হৈ পৰে ৷সেই সময়তে কৰসেৱকসকলক মুখত উক্ত ধবনি সঘনাই উচ্চাৰিত হৈছিল ৷পৰৱৰ্তী সময়ত ইয়াকে ইস্তাহাৰ বুলি লয় বিশ্ব হিন্দু পৰিষদৰে ৷

যোৱা পাঁচ আগষ্টত ৰাম মন্দিৰৰ ভূমি পূজনৰ জৰিয়তে উক্ত ইস্তাহাৰৰ এটা অংশই পূৰ্ণতা পায়। ইয়াৰ পাছতে কাশী মথুৰাকো মুক্ত কৰা বাবে উদ্যমী হৈ উঠে হিন্দুত্ববাদী সংগঠনসমূহ ।শেহতীয়াকৈ ভগৱান শ্ৰীকৃষ্ণৰ জন্মস্থান মথুৰাকো মুক্ত কৰাৰ বাবে কৃষ্ণ জন্মভূমি ন্যাসে গঠন কৰিছে দেশৰ ১৪ খন ৰাজ্যৰ ৮০ জন শীৰ্ষ সাধুৱে ৷এই সন্দৰ্ভত আখড়া পৰিষদৰ সভাপতি মহন্ত নৰেন্দ্ৰ গিৰিয়ে৷কয়” অনেক সংঘৰ্ষ আৰু দীৰ্ঘদিনীয়া সংগ্ৰামৰ ফচল হ’ল ৰামমন্দিৰৰ ভূমিপূজন আৰু শিলন্যাস ।সমগ্ৰ হিন্দু সমাজৰ বাবেই এয়া এক গৰ্বৰ মুহুৰ্ত ৷

ইমানদিনৰ পিচতো অযোধ্যা ৰামমুক্ত হ’ল ৷এইবাৰ আমি কাশী মথুৰাত সনাতন ধৰ্ম ধবজা প্ৰতিষ্ঠা কৰিব বিচাৰো। দুই পবিত্ৰ ধৰ্মস্থলীক মুক্ত কৰিবই লাগিব ৷উল্লেখযোগ্য যে বিজেপি নেতা বিনয় কাটিয়াৰে কিছুদিন পূৰ্বে মন্তব্য কৰিছিল যে বিজেপি আৰু সমগ্ৰ হিন্দু সংগঠনসমূহে ৰামমন্দিৰৰ পিছত এইবাৰ কাশী মথুৰাক লৈ আন্দোলন কৰিব মন কৰিবলগীয়া যে হিন্দু ধৰ্মৰ পবিত্ৰ স্থানৰূপে চিহ্নিত অযোধ্যাৰ উপৰি কাশী মথুৰা আদিতো দীৰ্ঘকালৰ পূৰ্বে মছজিদ প্ৰতিষ্ঠা হৈছিল ।

হিন্দুত্ববাদী সংগঠনসমূহে দাবী কৰি আহিছে যে ১৬৬৯ ত কাশীৰ এটা হিন্দু মন্দিৰ ধবংস কৰি মোগল সম্ৰাটঔৰংগজেৱে জ্ঞানব্যাপী মছজিদ নিৰ্মাণ কৰিছিল। উক্ত মন্দিৰৰ স’তে কাশীৰ বিখ্যাত বিশ্বনাথ মন্দিৰৰ যোগসূত্ৰ থকা বুলিও বিশ্বাস কৰা হয় ৷সেইদৰে মথূৰাত থকা শ্বাহী ঈদগাহটো পূৰ্বে মন্দিৰ আছিল বুলিয়ে দাবী কৰে শ্ৰীকৃষ্ণ জন্মভূমি ন্যাসে৷ ঈদগাহৰ সংলগ্ন চাৰে চাৰি একৰ ভূমিত ন্যাসে নিৰ্মাণ কৰিব বিচাৰে সনাতন ধৰ্মৰ স্থাপত্য আৰু ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ ৷

Exit mobile version