অন্ধ্ৰপ্ৰদেশত ক’ভিড চেন্টাৰত ভয়াৱহ অগ্নিকাণ্ড, এই পৰ্যন্ত মৃত্যু ১০ জনৰ

918248 hospital on fire new

অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াৰ এখন হোটেলত দেওবাৰে পুৱা সংঘটিত হয় এক অগ্নিকাণ্ড ৷ অগ্নি নিৰ্বাপক বাহিনী সময়মতে উপস্থিত হৈ হোটেলখনত অগ্নি নিৰ্বাপন কৰে ৷ ইফালে এই হোটেলখন ক’ভিড-১৯ৰ ৰোগীসকলৰ চিকিৎসাৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল । হোটেলখনত সংঘটিত হোৱা অগ্নিকাণ্ডটোৰ কাৰণে প্ৰায় ১০ জন লোকৰ মৃত্যু হয় ৷

আনহাতে ২০ জন লোকক সুৰক্ষিতভাৱে হোটেলখনৰ পৰা বাহিৰলৈ উলিওৱা হয় যদিও তেওঁলোকক উন্নত চিকিৎসাৰ কাৰণে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । ইয়াৰে ২-৩ জনৰ শৰীৰৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । ইফালে, অন্ধ্ৰপ্ৰদেশৰ চৰকাৰে অগ্নিকাণ্ডটোত প্ৰাণ হেৰুওৱা লোকসকলৰ কাৰণে ৫০ লাখ টকাৰ এক কালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰে ।

উল্লেখযোগ্য যে ক’ভিড-১৯ ৰ ৰোগীসকলৰ চিকিৎসা কৰোতে অগ্নিকাণ্ড সংঘটিত হোৱা এইয়াই প্ৰথম ঘটনা নহয় । ইয়াৰ পূৰ্বে ৬ আগষ্টত গুজৰাটত আহমেদাবাদত এখন চিকিৎসালয়ত অগ্নিসংযোগ হোৱাৰ ফলত ৮ জন ৰোগীৰ মৃত্যু হৈছিল ৷

Exit mobile version