এইবাৰ ৮০ সমষ্টিত যুঁজিব কংগ্ৰেছে

1Delhi Congress describes ye

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে শাসকীয় মিত্ৰজোঁটৰ দলকেইটাৰ লগতে বিৰোধী কংগ্ৰেছেও প্ৰস্তুতি অব্যাহত ৰাখিছে । চৰকাৰৰ জনবিৰোধী নীতিক ৰাইজৰ মাজলৈ লৈ যোৱা সাংগঠনিক শক্তি বৃদ্ধি কৰা আদি কাৰ্যসূচীৰে সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত নিৰ্বাচনী প্ৰস্তুতিক গতি দিব বিচাৰিচে কংগ্ৰেছে ৷ কিন্তু সম্প্ৰতি ৰাজনৈতিক ক্ষেত্ৰত সন্মুখীন হোৱা তীব্ৰ প্ৰত্যাহ্বানৰ পৰিপ্ৰেক্ষিতত প্ৰথমবাৰৰ বাবে মুঠ বিধানসভা সমষ্টিৰ এক বৃহৎসংখ্যক আসন সম্ভাব্য মিত্ৰ দলক এৰি দিবলৈ সাজু হৈছে ৷

আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে নিজাববীয়াকৈ ৮০ পৰা ৯০ খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰিব ৷ সেইবাবেই ইতিমধ্যে মিচন ৮০ শ্ল’গান আৰম্ভ কৰা হৈছে ৷ কংগ্ৰেছৰ নেতৃত্ব নিশ্চিত হৈছে যে এককভাৱে পূৰ্বৰ দৰে অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰি চৰকাৰৰ গঠনত যথেষ্ট প্ৰত্যাহ্বান আছে । অৱশ্যে কংগ্ৰেছে এইবাৰ পুনৰ শাসনলৈ যিকোনো প্ৰকাৰে উভতি আহিবলৈ পৰিকল্পনা কৰিছে । সেই লক্ষ্য পূৰণ হ’লে বিজেপি বিৰোধী অন্যান্য দলৰ লগত মিত্ৰতা অথবা বুজাপৰা কৰিবলৈ দলীয় নেতৃত্ব সাজু ৷

লবীকেন্দ্ৰিক ৰাজনীতিয়েও অস্থিৰ কৰিছে দলটোক । দলীয় শীৰ্ষ সূত্ৰই কয় যে অতি জটিল মুহূৰ্ততো কংগ্ৰেছত লবী ৰাজনীতিৰ তৎপৰতা চলিয়েই থাকে । তাৰ প্ৰভাব সামগ্ৰিকভাৱে দলটোৰ ওপৰত পৰে ৷ তদুপৰি এইবাৰ নিৰ্বাচনী পৰিস্থিতি ভবাৰ দৰে নহয় ৷

এই সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে বিজেপি বিৰোধী এ আই ইউ ডি এফ,বাওঁপন্থী সকলো দলৰ লগতে কংগ্ৰেছে মিত্ৰতা কৰিবলৈ সাজু৷কাৰণ ঐক্যবদ্ধ বিৰোধী শক্তিয়েহে বিজেপিক শাসনৰ কৰা ওফৰাব ৷ এনে বহুদলীয় মিত্ৰতাৰে কংগ্ৰেছে ৰাজ্যখনত চৌদিশৰ পৰা সমষ্টি দখলৰ লক্ষ্য লৈছে ৷ আনহাতে এইবাৰ সৰ্বাধিক গুৰুত্ব দিছে এ আই ইউ ডি এফৰ ওপৰত ৷ কাৰণ যোৱা বিধানসভা নিৰ্বাচনত বদৰুদ্দিন আজমলৰ দলটোৰ বাবে কংগ্ৰেছে ৩২ টাকৈ সমষ্টিত পৰাজিত হয় বুলি ৰাজ্যিক নেতৃত্বই পৰিসংখ্যা উলিয়াইছে ।

ভোট বিভাজনেৰে বিজেপিক সুযোগ দিয়া সমষ্টিৰ ভিতৰত আছেমঙলদৈ, ছিপাঝাৰ, বটদ্ৰৱা, নগাঁও, লামডিং, দুধনৈ, ৰঙিয়া, দিছপুৰ, হাজোৰ উপৰি বৰাক উপত্যকাৰ ১৩টাকৈ সমষ্টি  ৷ অৱশ্যে এনে প্ৰত্যাহ্বানৰ মাজতো বৰাকত দুটা সমষ্টিত জয় লাভ কৰে কংগ্ৰেছে ৷ এইবাৰ গোলাঘাট, দেৰগাঁও, আমগুৰি আদি সমষ্টিত বিজেপিৰ মিত্ৰদল হিচাপে অগপক জয়ৰ সুযোগ এ আই ইউ ডি এফে উলিয়াই দিব বুলি কংগ্ৰেছে হিচাপ কৰিছে ।

বিশেষকৈ মিত্ৰতাৰ ফলত প্ৰাৰ্থিত্ব নোপোৱাৰ আশংকা যিসকলৰ বেছি তেনেসকলে ইয়াৰ বিৰোধিতা কৰি সভাপতি ৰিপুণ বৰাক বিভিন্ন ধৰণে হেচাঁ দিছে ৷ আনকি প্ৰয়োজনত এনে মিত্ৰতাৰ বিৰোধিতাৰে অন্য সিদ্ধান্ত লোৱাৰো ভাবুকি দিছে তেওঁৰ ঘনিষ্ঠ সূত্ৰই ৷

Exit mobile version