কৰ’নাই পৰিৱৰ্তন কৰিছে অভ্যাসৰ

ayurvedic medicine

কৰ’নাৰ পূৰ্বে থকা ভাৰতৰ ছবিখনৰ এতিয়া যথেষ্ট পৰিৱৰ্তন হৈছে ।অৰ্থনীতিত পৰিছে ব্যাপক নেতিবাচক প্ৰভাৱ । নাগৰিক হৈ পৰিছে গৃহবন্দী ।নাগৰিক সকলৰ অভ্যাসৰো পৰিৱৰ্তন হ’বলৈ লৈছে । সকলোৱে নামি পৰিছে বিকল্পৰ সন্ধানত । স্মাৰ্টফোনত চাইছে চিনেমা, অনলাইন যোগে ঘৰলৈ আনি লৈছে ৰেস্তোৰাঁৰ খাদ্য । অনলাইনযোগে বজাৰো কৰিছে, কাৰ্যালয়ৰ কামো কৰিছে ঘৰৰে পৰা । কৰ’নাক পৰাজিত কৰিবলৈ ই-মিউনিটি বৃদ্ধিৰ প্ৰয়োজনীয়তা বুজি উঠিছে সকলোৱে ।

ফলত বজাৰত ইমিউনিটি বুষ্টাৰৰ চাহিদা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে।সমীক্ষক সংস্থাই নিয়েলছনৰ দ্বাৰা সম্পন্ন বজাৰ সমীক্ষা অনুসৰি জুনত চাৱনপ্ৰাছৰ বিক্ৰী ২৮৩ শতাংশ বৃদ্ধি পাইছে । ডাবৰ কোম্পানীৰ নিজস্ব দাবী অনুসৰি যোৱা এপ্ৰিলৰ পৰা চাৱনপ্ৰাছৰ বিক্ৰী ৭০০শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে। ‘ব্ৰিক ৱাৰ্ক’ৰ সমীক্ষা অনুসৰি জুনৰ পৰা পতাঞ্জলিৰ সামগ্ৰীৰ বিক্ৰী বৃদ্ধি পাবলৈ লৈছে । বৰ্তমান সহজতে নষ্ট নোহোৱা খাদ্য-সামগ্ৰী যেনে-নুডলছ, বিস্কুট, স্নেকচ আদিৰো চাহিদা বৃদ্ধি পাবলৈ লৈছে । নেছলে ইণ্ডিয়াৰ মেগীৰ বিক্ৰী যোৱা মাৰ্চৰ পৰা ১০.৭শতাংশ বৃদ্ধি পাইছে ।

যোৱা এপ্ৰিল-মে’ত অভিলেখ সৃষ্টিৰে বজাৰ দখল কৰিছে ‘পাৰ্লে জি’ বিস্কুটে।এই ক্ষেত্ৰত সবাতোকৈ লাভবান হৈছে ব্ৰিটানিয়া । গ্লোৱেল ফাইনেন্সিয়েল ছাৰ্ভিচৰ সমীক্ষাও ইয়াৰ পৰা ভিন্ন নহয় । কৰ’নাই সম্প্ৰতি সকলোৰে মাজত সামাজিক দূৰত্বৰ নীতিকো পৰিচয় কৰাই দিবলৈ সক্ষম হৈছে । সকলোৱে অগ্ৰাধিকাৰ দিছে ভাৰ্চুৱেল ব্যৱস্থাক । এই সুযোগক গ্ৰহণ কৰি বিভিন্ন এপবিলাকে ভিডিঅ’ কনফাৰেন্সৰো ব্যৱস্থা জনপ্ৰিয় কৰিবলৈ উঠিপৰি লাগিছে ।

তদুপৰি নেটফ্লিক্স, আমাজন প্ৰাইম আদি মনোৰঞ্জনধৰ্মী প’ৰ্টেলৰ চাহিদাও বৃদ্ধি পাইছে । নতুনকৈ ৪৫ শতাংশই এই এপ ডাউনলোড কৰিছে । বহু গ্ৰাহক ভেকুৱাম ক্লিনাৰ, চুলি কটা সামগ্ৰী, গ্ৰুমিং কিট আদিও অনলাইন যোগে ক্ৰয় কৰিছে । আনহাতে, বজাৰত ‘গ’ল্ড লোণ’ দিয়া বিত্তীয় কোম্পানী সমূহ সম্প্ৰতি সক্ৰিয় হৈছে । কৰ’নাই এই কোম্পানীবিলাকৰ বাবেও সুযোগ মুকলি কৰি দিছে ।

Exit mobile version