ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ অনিশ্চয়তাৰ সৃষ্টি

coronavirus gty aa

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ভৱিষ্যতবাণীক অংগুষ্ঠ প্ৰদৰ্শন কৰি দেশখনত আতংক অব্যাহত ৰাখিছে কৰ’না ভাইৰাছে । শেহতীয়াকৈ এক আন্তজাতিক সমীক্ষাই সদৰী কৰা অনুসৰি ট্ৰাম্পৰ দাবীৰ বিপৰীতে ক’ভিড-১৯ ত আক্ৰান্ত হৈ আমেৰিকাত চলিত বৰ্ষতে প্ৰায় তিনি লক্ষ লোকে প্ৰাণ হেৰুৱাব। কিছু মাহৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতিজনে দাবী কৰিছিল ইমান ভয় খাবলগীয়া একো নাই । এক লাখৰ আশে পাশে কৰ’নাৰ মৃত্যু মিছিল থমকি ৰ’ব । অথচ আমেৰিকাত কৰ’নাক্ৰান্তৰ মৃত্যুৰ সংখ্যাই ইতিমধ্যে এক লাখ ৬২ হেজাৰৰ সীমা অতিক্ৰম কৰিলে ৷

এনে সময়তে এদল বিশেষজ্ঞই ট্ৰাম্পৰ নীতিক গভীৰ সমালোচনা কৰে ৷ এই বিশেষজ্ঞসকলে নিজৰ প্ৰতিবেদনত উল্লেখ কৰে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিজনৰ বেপৰোৱা পথ অনুসৰণ কৰিলে আগন্তুক ডিচেম্বৰৰ ভিতৰতে আমেৰিকাত প্ৰায় তিনি লাখৰ মৃত্যু হ’ব । এক আন্তজাৰ্তিক সমীক্ষাৰ প্ৰতিবেদন অনুসৰি আমেৰিকাত এই পৰ্যন্ত এক লাখ ৬২ হেজাৰ ৮৩৬ জন আক্ৰান্তৰ মৃত্যু হৈছে ।

ইনষ্টিটিউটত ফৰ হেলথ মেট্ৰিক্স এন্ড ইভলিউচনৰ প্ৰতিবেদনত লগতে জনোৱা হয় যে অহা ডিচেম্বৰৰ ভিতৰত আমেৰিকাত দুই লাখ ৯৫ হাজাৰ ১১ জন আক্ৰান্ত লোকৰ মৃত্যু হোৱাৰ আশংকা আছে ৷ আইএইছএমই ৰ শীৰ্ষ বিষয়া ক্ৰিষ্টোফাৰ মূৰীয়ে কয়, “এই মডেল যে সত্য হ’ব,সেয়াও নহয় ৷ এই ক্ষেত্ৰত ভাইৰাছৰ সংক্ৰমণৰ স’তে মানুহৰ দৈনন্দিন ব্যৱহাৰৰ পোনপটীয়া সম্পৰ্ক আছে ৷ আৰু সংক্ৰমণৰ ওপৰতে নিৰ্ভৰ কৰিছে মৃত্যু ।

সংস্থাটোৱে দিয়া বিবৃত্তিত লগতে জনোৱা হৈছে যে আমেৰিকাৰ ৯৫ শতাংশ বাসিন্দাই যদি মাস্ক পৰিধান কৰে, তেতিয়া মৃতকৰ সংখ্যা কমি দুই লাখ ২৮ হেজাৰ ২৭১ জন হ’ব ৷ অৰ্থাৎ ৬৬ হেজাৰ লোকৰ প্ৰাণ ৰক্ষা হ’ব ৷ইপিনে আমেৰিকাৰ চেন্টাৰ্ছ ফৰ ডিজিজ ক’ন্ট্ৰ’ল এণ্ড প্ৰিভেন্সন’ৰ তৰফৰ পৰা জনোৱা হৈছে যে আগষ্টৰ ভিতৰত দেশখনত মৃত্যু হোৱা লোকৰ সংখ্যা এক লাখ ৮১হাজাৰ ৩১ জন পাবগৈ বুলি তেওঁলোকে অনুমান কৰিছে ৷

সংস্থাটোৰ ৱেবছাইটত কোৱা হৈছে, সকলোবোৰ প্ৰদেশৰ পৰিস্থিতি চালি জাৰি চাই দেখা গৈছে যে এতিয়া প্ৰতি সপ্তাহত যি মৃত্যুহাৰ,আগন্তুক চাৰি সপ্তাহত সেয়া হাৱাই আৰু পূৰ্বেৰ্টো ৰিক’ত অধিক পঢ়িব পাৰে । সাপ্তাহিক মৃত্যুৰ হাৰ কমাৰ সম্ভাৱনা আছে ফ্ল’ৰিডা, মিছিছিপি, নিউ মেক্সিকো, নৰ্দাণ মাৰিয়ানা আইলেণ্ডছ, অ’হায়, টেক্সাছ, ভাৰমন্ট আৰু ভাৰ্জিন আইলেণ্ড ৷

উল্লেখযোগ্য যে নৱেম্বৰত আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ হোৱাৰ কথা আছিল ৷ কিন্তু কৰ’নাত মৃত্যুৰ হাৰ উদ্বেগজনকভাৱে বাঢ়িলে সেই পৰিস্থিতিত নিৰ্বাচন কেনেকৈ হ’ব বুলিও প্ৰশ্ন উত্থাপন হৈছে ৷ এই প্ৰশৰ উত্তৰত “নেচনেল ইনষ্টিটিউট অৱ এলাৰ্জি এণ্ড ইনফেকছন ডিজিজেছ”ৰ সঞ্চালক এন্টনী ফাউচিয়ে কয়, “আমি যদি সঠিক পথেৰে আজি এতিয়াৰ পৰাই আগবাঢ়ো। নৱেম্বৰত পৰিস্থিতি অনেক ভাল হ’বগৈ ৷” তেওঁৰ এনে সতৰ্কতা সত্তেও সম্প্ৰতি আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনক কেন্দ্ৰ কৰি অনিশ্চয়তাৰ সৃষ্টি হৈছে ৷

Exit mobile version