কৰ’না ভেকচিনৰ প্ৰসংগত বিশ্ব স্বাস্থ্য সংস্থাৰ আশংকাক নসাৎ কৰিলে ৰাছিয়াই

2020 04 10T101626Z 1381094164 RC2M1G9O1B56 RTRMADP 3 HEALTH CORONAVIRUS VACCINE min 1586956004

সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ৰাছিয়াই ১২ আগষ্টত ক’ভিড১৯ ভেকচিন ৰেজিষ্টাৰ কৰাৰ কাম অতি ক্ষিপ্ৰতাৰে কৰিছে ৷কিন্তু ৰাছিয়াৰ ভেকচিনৰ ৰেজিষ্ট্ৰেচন কৰাৰ পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাই উদ্বিগ্নতা প্ৰকাশ কৰিছে ৷ আৰু প্ৰশ্ন কৰিছে যে ৰাছিয়াৰ ভেকচিন মানৱ দেহৰ কাৰণে সুৰক্ষিত নে? কিন্তু এইবাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ এইসমূহ প্ৰশ্নৰ উত্তৰ দিছে ৰাছিয়াই ।

গেমালিয়া ইনষ্টিটিউটত অৱ এপিডেম’লজি এণ্ড মাইক্ৰ’বায়’লজীৰ মতে, ‘আমি কৰ’নাৰ ভেকচিনত ব্যৱহাৰ কৰা সামগ্ৰীসমূহে মানৱ দেহৰ কোনো ক্ষতি সাধন নকৰে ৷অৱশ্যে ভেকচিন লোৱাৰ পিছত ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াৰ কাৰণে কিছুমান লোকৰ জ্বৰ উঠিব পাৰে ৷কিন্তু ইয়াক পেৰাচিটেমল টেবলেটৰ দ্বাৰা ঠিক কৰিব পাৰিব।’ ৰাছিয়াৰ চৰকাৰে দাবী কৰি কয়, ‘ আমি ভেকচিন তৈয়াৰ কৰাৰ ক্ষেত্ৰত অন্যান্যসকলতকৈ বহু আগত আছো। এই মাহৰ শেষত তিনিটা বৃহৎ পৰীক্ষা কৰা হ’ব যাতে ভেকচিনৰ অন্য পৰ্যায়ৰ পৰীক্ষা কৰিব পাৰে ৷’ আনহাতে ৰাছিয়াই দাবী কৰা অনুসৰি ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল ১০০ শতাংশ সফল হৈছে ।

যিসকল লোকে এই ভেকচিন লৈছে তেওঁলোকৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাইছে ৷ ইপিনে ৰাছিয়াৰ এই ভেকচিনক লৈ বিশ্ব স্বাস্থ্য সংস্থাৰ ওপৰিও বহু বিশেষজ্ঞই আশংকা প্ৰকাশ কৰিছে ৷ হুৰ আশংকা যে যিসকলৰ এন্টীব’ডিজ তৈয়াৰ হৈ আছে সেইসকলৰ কাৰণে এই ভেকচিন বিপদজনক হ’ব পাৰে। ৰাছিয়াৰ ৰোগ সংক্ৰমক বিশেষজ্ঞ আলেকজেণ্ডাৰ চেপুৰন’বে এই ভেকচিনৰ যাৱতীয় তথ্য ৰাজহুৱা নকৰাৰ কাৰণে সন্দেহ কৰিছে। বিশেষজ্ঞৰ মতে যিকোনো ভেকচিন প্ৰয়োগ কৰিলে ভাইৰাছ বৃদ্ধি পোৱাৰ আশংকা অধিক ৷বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ৰাছিয়াই ভেকচিন তৈয়াৰৰ নীতি নিৰ্দেশনা মানি চলা নাই। গতিকে ভেকচিনৰ সফলতাৰ আশা কৰাটো কঠিন।

Exit mobile version