টেবলেটত জাতীয় পতাকা অংকনেৰে ছাত্ৰীৰ সাফল্য: অসম বুক অৱ ৰেকৰ্ড

e1733cb3 27af 4502 aab4 5bac712c828a

সমাগত দেশৰ স্বাধীনতা দিৱস। ইয়াৰে পৰিপ্ৰেক্ষিতত নলবাৰীৰ এগৰাকী ছাত্ৰীয়ে খোৱা টেবলেটত দেশৰ জাতীয় পতাকাৰ চিত্ৰ অংকন কৰি সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। টিহুৰ পশ্চিম নান্নাটাৰী গাঁৱৰ পৰিণীতা কলিতা নামৰ ছাত্ৰীগৰাকীয়ে যোৱা ৬ আগষ্টত পাঁচ মিলিমিটাৰ ব্যাসাৰ্ধৰ এটা টেবলেটত উক্ত চিত্ৰ অংকন কৰে।

ছাত্ৰী গৰাকীৰ উক্ত চিত্ৰ অসম বুক অৱ ৰেকৰ্ডত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। দেওবাৰে নিশা অসম বুক অৱ ৰেকৰ্ড কৰ্তৃপক্ষই ছাত্ৰীগৰাকীক এই সন্দৰ্ভত শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে । ছাত্ৰী গৰাকীয়ে মাত্ৰ এক মিনিট ৪৩ ছেকেণ্ডৰ ভিতৰত উক্ত ছবি অংকন কৰে বুলি জানিবলৈ দিয়ে।

এই সন্দৰ্ভত ছাত্ৰীগৰাকীয়ে কয়, “মই টেবলেটত উক্ত ছবি অংকন কৰি থকা সময়ত অসম বুক অৱ ৰেকৰ্ড কৰ্তৃপক্ষই ভিডিঅ’ কল যোগে সমগ্ৰ দৃশ্য নিৰীক্ষণ কৰি আছিল। তেওঁলোকে জনোৱা মতে এনেদৰে টেবলেটত জাতীয় পতাকা অংকন কৰা অসমৰ ময়েই প্ৰথম। মোৰ সৃষ্টিশীল কামেই এনেদৰে স্বীকৃতি পোৱাত মই যথেষ্ট উৎসাহী হৈ পৰিছো। মই জনপ্ৰিয়তা নিবিচাৰো, কিন্তু মোৰ কামবোৰ স্থায়িত্ব হোৱাটো বিচাৰো।” উল্লেখ্য যে কিছুদিন পূৰ্বে ছাত্ৰীগৰাকীয়ে আন এটা টেবলেটত এটা শিৱলিংগৰ চিত্ৰও অংকন কৰিছিল।

নলবাৰী মহাবিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে তলাবন্ধৰ সময়চোৱাত নিজকে ব্যস্ত ৰাখিবলৈ সৃষ্টিশীল কামত আত্মনিয়োগ কৰিছে। ছবি অঁকা, পেলনীয়া সামগ্ৰীৰে বিভিন্ন বস্তু তৈয়াৰ কৰাৰ কৰাৰ লগতে বাগিছাত ফুল, গছ-গছনি ইত্যাদি ৰুই নিজকে ব্যস্ত ৰাখিছে ছাত্ৰীগৰাকীয়ে। তদুপৰি ছাত্ৰীগৰাকীয়ে সাহিত্য চৰ্চাটো জড়িত হৈ আছে। উল্লেখ্য যে, বিগত বছৰত ছাত্ৰীগৰাকীৰ এখন কবিতাৰ পুথি প্ৰকাশ পাইছে।

ছাত্ৰীগৰাকীয়ে জনোৱা মতে, তেওঁৰ শিক্ষক পিতৃ আৰু সাহিত্য অনুৰাগী মাতৃৰ তত্বাৱধানত তেওঁ সৃষ্টিমূলক কামত নিজকে আগবঢ়াই নিবলৈ অনুপ্ৰেৰণা পাইছে। সৰুৰে পৰা আজৰি সময়ত নিজকে ব্যস্ত ৰাখিবলৈ ছাত্ৰীগৰাকীয়ে ছবি অঁকাৰ লগতে লিখা-মেলা কৰিছিল। ভৱিষ্যতে শিক্ষকতা বৃত্তিৰ লগত জড়িত হ’ব খোজা ছাত্ৰীগৰাকীয়ে সৰু ল’ৰা-ছোৱালীক চিত্ৰশিল্পৰ প্ৰশিক্ষণ দিয়াৰো সপোন পুহি ৰাখিছে। ছাত্ৰীগৰাকীৰ এই সাফল্যৰ পিতৃ-মাতৃ যথেষ্ট সুখী বুলিও ছাত্ৰীগৰাকীয়ে উল্লেখ কৰে।

Exit mobile version