দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী কৰ’নাত আক্ৰান্ত

918482 pranab mukherjee pti

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ শৰীৰত পোৱা গৈছে কৰ’না ভাইৰাছ। এই কথা টুইটাৰ যোগে জনায় প্ৰণৱ মুখাৰ্জীয়ে। সোমবাৰে তেওঁক কৰ’না টেষ্ট কৰোৱা হৈছিল ৷ উল্লেখযোগ্য যে টুইটাৰ যোগে প্ৰণৱ মুখাৰ্জীয়ে কৰ’নাৰ ফলাফলৰ কথা সদৰী কৰাৰ লগতে তেওঁৰ সম্পৰ্কলৈ অহা লোকসকলক কৰ’না পৰীক্ষা কৰিবলৈ কয় ৷

ADVERTISEMENT

ইফালে দেশত ক্ৰমে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ৷সম্প্ৰতি দেশৰ কৰ’নাত ২২ লাখ ১৭ হাজাৰ ৬৪৫ জন লোক আক্ৰান্ত হৈছে। শেহতীয়াকৈ কৰ’নাত আক্ৰান্ত হয় ৬২ হাজাৰ ১১৭ জন ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সোমবাৰে প্ৰকাশ কৰা অনুসৰি দেওবাৰে কৰ’নাত ৬২হাজাৰ ৬৪ জন লোকৰ শৰীৰত পোৱা যায় কৰ’না।

ইফালে মৃত্যু হয় ১ হাজাৰ ৭ জন লোকৰ ৷এনেদৰেই এতিয়া কৰ’নাত আক্ৰান্ত হৈছে ২২ লাখ ১৫ হাজাৰ ৭৫ জন ।ইয়াৰে ৬ লাখ ৩৪ হাজাৰ ৯৫৪ জন কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধান হৈ আছে ৷মৃত্যু হৈছে ৪৪ হাজাৰ ৩৮৬ জন লোক ৷

Exit mobile version