বজালীত ছহিদ প্ৰনয় কলিতাৰ আৱক্ষ মূৰ্তি উন্মোচন

e2de5292 487c 4f3f 8644 6bae9fb39e18

মণিপুৰত উগ্ৰপন্থীৰ বৰ্ব্বৰ আক্ৰমণত মৃত্যু বৰণ কৰা বীৰ ছহিদ প্ৰনয় কলিতাৰ আজি আদ্যশ্ৰাদ্ধৰ ৷ অাজি তেওঁৰ চোতালত ছহিদ গৰাকীৰ এটা আৱক্ষ মূৰ্তি স্থাপন তথা উন্মোচন কৰে অাজি বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ ৭ দিন পূৰ্বে ছহিদ গৰাকীৰ ঘৰত উপস্থিত হৈ বিজেপি সভাপতি গৰাকী য়ে প্ৰতিমূৰ্তি স্থাপনৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া আজি কাৰ্যত কৰি দেখুৱালে  ৷

ভাস্কৰ্য শিল্পী বিজু কুমাৰ দাসে অতি কম সময়ৰ ভিতৰত অাজি উন্মোচন কৰিব পৰাকৈ ছহিদ গৰাকীৰ আৱক্ষ মূৰ্তি নিৰ্মাণ কৰি উলিওৱা কাৰ্য্যত সকলোয়ে শলাগ লয় l উল্লেখযোগ্য যে ৰণজিৎ কুমাৰ দাসে বিজেপিৰ মুখপাত্ৰ ফনি পাঠক অাৰু বজালী বিজেপিৰ সভাপতি নগেন চৌধুৰীক এই কাৰ্য্য সম্পাদনৰ বাবে দায়িত্ব প্ৰদান কৰিছিল ৷

ইফালে অাজি ছহিদ গৰাকীৰ চোতালত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ৷য’ত বজালীৰ বিভিন্ন দল সংগঠনে ছহিদ গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ বৰপেটা জনসংযোগ বিষয়া বিকাশ শৰ্মাই আঁত ধৰা উক্ত অনুষ্ঠানত জিলা প্ৰশাসনৰ উপৰি জিলা উপায়ুক্ত মুনিন্দ্ৰ নাথ শৰ্মা, বিত্তীয় নিগমৰ অধ্যক্ষ বিজয় গুপ্তা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা মৃদুল তালুকদাৰ, পাঠশালা প্ৰেছ ক্লাৱৰ সভাপতি কৈলাস চৌধুৰী, পাঠশালা প্ৰেছ গিল্ডৰ সম্পাদক জিন্টুল তালুকদাৰ, বজালী বিজেপিৰ যুব মৰ্চাৰ নেতা চম্পক কাকতীকে আদি কৰি বহু অনুষ্ঠান প্ৰতিষ্ঠানে ছহিদ গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

উক্ত স্মৃতি চাৰণ সভাতে ছহিদৰ পিতৃ অাৰু পত্নী জুমি কলিতাই অশ্ৰুসিক্ত নয়নেৰে অাজি ছহিদ গৰাকীক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ৷উক্ত স্মৃতিচাৰণ সভাতেই ছহিদ গৰাকীৰ সোঁৱৰণত এটা গীত উন্মোচন কৰা হয়৷ পলাস ৰয়ে কন্ঠ দান কৰা গীতটো উন্মোচন কৰে ছহিদৰ পত্নী জুমি কলিতাই৷আনহাতে ছহিদৰ দুই কণমানি সন্তানে যাতে ভালদৰে নিজৰ শিক্ষা জীৱনত আগুৱাব পাৰে তাৰ বাবে দুই কণমানিৰ বাবে দুই লাখ টকা ফিক্সড্ ডিপোজিট কৰাৰ কথা ঘোষণা কৰে বিজেপিৰ সভাপতি গৰাকীয়ে ৷

আনহাতে স্মৃতিচাৰণ সভাতে অাজি বিজেপি সভাপতি গৰাকীয়ে বজালীবাসীক পূৰ্ণাংগ জিলা হোৱাৰ ঘোষণা দি মুখ্যমন্ত্ৰী তথা চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ৷স্বাভাৱিকতে এটা দুখৰ মুহূৰ্ততো ছহীদৰ আদ্যশ্ৰাদ্ধৰ ক্ষণত বজালী বাসীয়ে লাভ কৰা এনে এটা ভাল খবৰ নিঃসন্দেহে বজালীৰ বাবে এটা ইতিহাস হৈ ৰ’ব ৷

Exit mobile version