মহানগৰীত অনলাইন জুৱা চক্ৰ উৎখাত

19 01 2019 gamblingthroughnet 18868872

ৰাজ্যত চাইবাৰ অপৰাধীয়ে চলাই থকা ভয়ংকৰ লুণ্ঠনৰ পাছতে এইবাৰ সক্ৰিয় হৈ উঠিছে অনলাইন জুৱা চক্ৰ ৷চাইবাৰ অপৰাধীয়ে ধন লুট কৰা ঘটনা ৰাজ্যৰ অধিকাংশ থানাত ৰজু হোৱাৰ পাছত মহানগৰ আৰক্ষীয়ে উৎখাত কৰা বৃহৎ চক্ৰই ৰাজ্যত সক্ৰিয় হৈ উঠা অনলাইন জুৱাৰ তথ্য পোহৰলৈ আনিছে ।

বিভিন্ন ধৰণৰ অনলাইন গেম আৰু ডিজিটেল ধনৰ বিনিময়ত মিনিটতে কোটিপতি হ’ব বিচাৰি বহুজনে এই জালত ভৰি পেলাইছে। উল্লেখযোগ্য যে কৰ’নাসৃষ্ট তলাবন্ধই সাধাৰণ জনতাক আৰ্থিকভাৱে কোঙা কৰি পেলোৱাৰ সময়তে ৰাজ্যত এই চক্ৰটো অধিক সক্ৰিয় হৈ পৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷

বহিঃৰাজ্যৰ পৰা নিয়ন্ত্ৰণ হোৱা এই অপৰাধী চক্ৰই ৰাজ্যিই বিভিন্ন স্থানত বুকী নিয়োগ কৰি লাখ লাড় টকা সৰকাই নিয়াৰ তথ্য সম্প্ৰতি পোহৰলৈ আহিছে। ৰাজ্যত গঢ় লৈ উঠি অনলাইন জুৱা চক্ৰৰ বিৰুদ্ধে যোৱা এসপ্তাহে মহানগৰ আৰক্ষীয়ে চলোৱা অভিযানত এটা বৃহৎ চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছে ।

গুৱাহাটীৰ মধ্য জিলা আৰক্ষীয়ে চলোৱা এই অভিযানত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ উপৰি নগদ ১২,৯১,৫২০ টকা,এটা ৩৮০ বৰ’ৰ পিষ্টল,চেক ৰিপাব্লিকৰ ৫০ জাঁই সক্ৰিয় গুলি ,দুটা লেপটপ,অনলাইন গেমৰ সামগ্ৰী,এখন বিলাসী দুচকীয়া বাহনৰ লগতে বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰে। উল্লেখযোগ্য যে ৰাজ্যত সক্ৰিয় হৈ উঠা এই অনলাইন জুৱাৰ ঘটনা পোহৰলৈ আনে মহানগৰীৰ সাতগাঁও আৰক্ষী থানাত ৰজু হোৱা এটা অপহৰণৰ গোচৰে ।

Exit mobile version