মাজুলীৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীৰ দেহাৱসান

03723ac6 e2f6 4e46 aed5 330fe9af8043

মাজুলীৰ কমলাবাৰীৰ সত্ৰৰ সত্ৰাধিকাৰ তথা বৈষ্ণৱ পণ্ডিত নাৰায়ণ চন্দ্ৰ গোস্বামীৰ আজি পুৱা দেহাৱসান হয় ৷ দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা সত্ৰাধিকাৰগৰাকী গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল ৷সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামী বহুকেইটা বটাঁৰে সন্মানিত হৈছিল। ইয়াৰ ভিতৰত শ্ৰীমন্ত শঙ্কৰদেৱৰ বটাঁ,শংকৰদেৱ শিল্প সাধনা বটাঁ অন্যতম ৷লগতে তেওঁ জীৱনজোৰা সাধনা বটাঁও লাভ কৰিছিল।

উল্লেখযোগ্য নাৰায়ণ চন্দ্ৰ গোস্বামীৰ মৃত্যুত আসাম প্ৰেছ কৰেচপণ্ডেণ্টচ ইউনিয়ন,যোৰহাট জিলা সমিতি , অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ চাওখাত-হাতীগড় , পূব যোৰহাট , কাকজান আঞ্চলিক , মেলেং শাখা ছাত্ৰ সন্থা , বৃহত্তৰ ফেচুবাল যৌথ সংগ্ৰামী মঞ্চ , শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ , যোৰহাট জিলা শাখা , পূব যোৰহাট ক্ৰীড়া সন্থা , পূব যোৰহাট জেষ্ঠ নাগৰিক মঞ্চ , ভোলানাথ সন্দিকৈ আৰ্দশ জাতীয় বিদ্যাপীঠ মেলেং চাৰিআলি আদিয়ে গভীৰ শোক প্ৰকাশ কৰি সত্ৰাধিকাৰ গৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে ।

Exit mobile version