১৪ বছৰৰ পূৰ্বে হেৰুৱা মানীবেগ ঘূৰালে ৰেল আৰক্ষীয়ে

Pick Pocket

ৰেল যাত্ৰা কৰাৰ সময়ত বহুতৰেই পকেট মাৰে ।কিন্তু সেই টকা গৰাকীয়ে ঘূৰাই পোৱাৰ দৃষ্টান্ত বৰ কম ।কিন্তু মুম্বাইৰ পানভেলেৰ বাসিন্দা পাদালকাৰৰ ক্ষেত্ৰত ঘটা ঘটনাক বহুতেই অবিশ্বাস্য বুলিয়ে অভিহিত কৰিছে।ঘটনাটো ২০০৬ চনৰ ।প্ৰতি দিনৰ দৰে পাদালকাৰ পানভেলেৰ পৰা ৰেলেৰে কৰ্মস্থলীলৈ গৈছিল।

ভাছি ষ্টেচন পোৱাৰ পূৰ্বে মানীবেগ উলিয়াবলৈ গৈ তেওঁ হতভম্ব হৈ পৰে।কাৰণ পকেটত মানীবেগটো নাছিল।মানীবেগত আছিল নশ টকা আৰু কিছু কাগজপত্ৰ ।তেওঁ ৰেল ষ্টেচনত নামি জিআৰপিক অভিযোগ দিয়ে ।সেই ঘটনাৰ ১৪বছৰ পাছত এদিন হঠাৎ এটা ফোন কলে আচম্বিত কৰি তোলে তেওঁক ।ভাছি জিআৰপিৰ পৰা সেইদিনা ফোনত তেওঁক কয় ,’২০০৬ত হেৰাই যোৱা মানীবেগটো উদ্ধাৰ কৰা হৈছে।তাত নশ টকা আছে ।আহি লৈ যাওক ।’

প্ৰথমে এই কথা পাদালকাৰৰ নিজকে বিশ্বাস হোৱা নাছিল ।এপ্ৰিলৰ কঠোৰ তলাবন্ধৰ বাবে তেওঁ জিআৰপি লগত যোগাযোগ কৰিব পৰা নাছিল ।তলাবন্ধ উঠাৰ পিছত জিআৰপিৰ তৰফৰ পৰা মানীবেগটো তেওঁক তুলি দিয়া হয়।এই ঘটনাৰ সম্পৰ্কত এজন লোকক গ্ৰেপ্তাৰ কৰিছে জিআৰপিয়ে ।মানীবেগটো ঘূৰাই পোৱাত পাদালকাৰ স্বাভাৱিকতে আনন্দিত হৈ পৰিছে।

Exit mobile version