কৰ’না ভাইৰাছ এতিয়াও চৰম পৰ্যায়ত উপনীত হোৱা নাইঃএইমছ সঞ্চালক ৰনদ্বীপ গুলেৰীয়া

Dr Randeep Guleria

সমগ্ৰ দেশত কৰ’না মহামাৰীৰ সংহাৰী ৰূপৰ মাজতে এইমছৰ সঞ্চালক ৰনদ্বীপ গুলেৰীয়াই দাবী কৰে যে কৰ’না ভাইৰাছে এতিয়ালৈকে নিজৰ চৰম পৰ্যায়ত উপনীত হোৱা নাই । দেশত প্ৰতি দুদিনত প্ৰায় এক লাখ লোক আক্ৰান্ত হোৱাৰ সময়তে এইমছৰ সঞ্চালকৰ এই মন্তব্যই যথেষ্ট চৰ্চা লাভ কৰিছে ।

“সম্প্ৰতি সমগ্ৰ দেশত কৰ’নাৰ পৰীক্ষণ আৰম্ভ হৈছে ৷ আমি এতিয়া মহামাৰীৰ চৰম পৰ্যায়ত উপনীত হোৱা নাই “এই মন্তব্য মহামাৰীৰ বিশেষজ্ঞ দলৰ অন্যতম সদস্য গুলেৰীয়াৰ । ইফালে কৰ’না ভেকচিনৰ ওপৰত মন্তব্য কৰি গুলেৰীয়াই কয় “ভেকচিনৰ ক্ষেত্ৰত ভাৰতৰ ওপৰত আশা কৰিব পাৰি কাৰণ ভাৰতে বিশ্বৰ প্ৰায় ৬০ শতাংশ টিকা তৈয়াৰ কৰে ।”

লগতে গুলেৰীয়াই কয়” আমাৰ লগত টিকা তৈয়াৰ কৰাৰ সকলো প্ৰকাৰৰ ক্ষমতা আছে। চৰকাৰ আৰু ভেকচিন তৈয়াৰ কৰাৰ নিৰ্মাতাসকলৰ যৌথ প্ৰচেষ্টাত আমাৰ দেশৰ কাৰণেই নহয় সমগ্ৰ বিশ্বৰ কাৰণে ভেকচিন তৈয়াৰ কৰা ক্ষমতা আছে ৷”

ইতিমধ্যে ভাৰতত অক্সফৰ্ড আৰু চিৰাম ইনষ্টিটিউট,ভাৰত বায়’টেক আৰু Zydus Cadila ৰ ভেকচিনৰ মানৱ শৰীৰত প্ৰয়োগৰ ক্ষেত্ৰত বিভিন্ন পৰ্যায়ত আছে ৷আনহাতে বিভিন্ন দেশৰ সহযোগিতাৰ কাৰণে ভেকচিন প্ৰস্তুতিৰ কাৰ্যই অগ্ৰগতি লাভ কৰিছে ৷

আনহাতে এইমছৰ সঞ্চালকে কৰ’নাৰ প্ৰথম ভেকচিন বুলি দাবী কৰা ৰাছিয়াৰ ভেকচিনৰ সন্দৰ্ভত সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে ৷ এই ভেকচিন লোৱাৰ আগতে কিমান সুৰক্ষিত সেই সম্পৰ্কে সকলোকে সুনিশ্চিত হ’বলৈও আহ্বান কৰে গুলেৰীয়াই । লগতে বিভিন্ন বয়সৰ লোকসকলক ভেকচিন দিয়াৰ সময়ত ভেকচিনটো কিমান সুৰক্ষিত সেয়াও নিশ্চিত হ’বলৈ কয় গুলেৰীয়াই।

Exit mobile version