বিশ্বজুৰি অব্যাহত থকা কৰ’নাৰ সন্ত্ৰাসৰ বাবে দেশজুৰি চলি থকা তলাবন্ধৰ প্ৰভাৱত বিধ্বস্ত হৈছে দেশৰ অৰ্থনৈতিক ব্যৱস্থা। বহুলোকৰ বন্ধ হৈছে উপাৰ্জনৰ পথ। তলাবন্ধৰ বাবে বন্ধ হৈ আছে বিদ্যালয়-মহাবিদ্যালয় । ইয়াৰ ফলস্বৰূপে মহানগৰী গুৱাহাটীৰ সমীপৱৰ্তী ধাৰাপুৰৰ এজন স্কুলৰ গাড়ী চালকৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰে। চাৰিজনীয়া পৰিয়ালটোৰ মুৰব্বী তথা একমাত্ৰ উপাৰ্জনকাৰী মুকুট কলিতা নামৰ লোকজনে উপাৰ্জনৰ পথ হিচাপে পাচলি ব্যৱসায় আৰম্ভ কৰে।
নামমাত্ৰ মূলধনেৰে তেওঁ লঙ্কেশ্বৰত এখন পাচলিৰ দোকান আৰম্ভ কৰে। উক্ত দোকানৰ উপাৰ্জনেৰে তেওঁ তলাবন্ধৰ সময়ছোৱাত পৰিয়ালটোৰ ভৰণ-পোষণৰ দায়িত্ব পালন কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, লোকজনে নিজৰ টেম্প’ খনৰ জৰিয়ৰে ব্যক্তিগতভাৱে গুৱাহাটী বিশ্ববিদ্যালয় মডেল স্কুলৰ ছাত্ৰ-ছাত্ৰীক স্কুললৈ অনা-নিয়া কৰিছিল। স্কুল বন্ধ হোৱা বাবে তেওঁৰ একমাত্ৰ উপাৰ্জনৰ পথো বন্ধ হৈ পৰে ।
এই সন্দৰ্ভত তেওঁ কয়, “যোৱা মাৰ্চ মাহৰ মাজভাগতে স্কুল বন্ধ হোৱাত ছাত্ৰ-ছাত্ৰী অনা-নিয়াৰ সম্পূৰ্ণ ভাড়া নাপালোঁ। এপ্ৰিল মাহৰ পৰা একেবাৰেই ভাড়া বন্ধ হৈ গ’ল। চলিবলৈ সমস্যা হোৱাত পাচলি ব্যৱসায় কৰিবলৈ লৈছো।”
যোৱা প্ৰায় ১০ বছৰ ধৰি তেওঁ ব্যক্তিগত ভাবে উক্ত স্কুলৰ ছাত্ৰ-ছাত্ৰীক নিজৰ টেম্প’খনেৰে স্কুললৈ অনা-নিয়া কৰে বুলিও জানিবলৈ দিয়ে। এতিয়া তলাবন্ধৰ বাবে কোনো উপাৰ্জনৰ পথ নথকাত পাচলি ব্যৱসায় কৰি নিজকে স্বাৱলম্বী কৰি তুলিছে।