দ্বিতীয়বাৰ গৰ্ভৱতী হ’ল বলিউড অভিনেত্ৰী কৰীণা কপুৰ খান

b51ebfce dbee 11ea 88ef 3d2d7bb3ceb2

বলিউডৰ এটা ৰোমান্টিক যুটী ছেইফ-কৰীণা । দুয়োৰে লাভষ্টৰী কিছু চৰ্চিত বলিউড জগতত । দুয়োৰে এটি মৰম লগা পুত্ৰ সন্তানো আছে । নাম টাইমূৰ আলী খান । অকণমানি টাইমূৰক ইণ্টাৰনেটত ‘follow’ কৰা লোকৰ সংখ্যাও যথেষ্ট ।

সম্প্ৰতি এটা খবৰে আনন্দিত কৰিছে ছেইফ-কৰীণাৰ লগতে তেওঁলোকৰ পৰিয়ালক । বলিউড অভিনেত্ৰী কৰীণা কপুৰ খান পুনৰ মাতৃ হ’বলৈ ওলাইছে । ছ’চিয়েল মিডিয়াত এই ৰোমান্টিক যুটীয়ে নিজেই অৱগত কৰিছে এই আনন্দৰ খবৰ ।

তেওঁলোকে লিখিছে, ‘আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে অতি সোনকালেই আমাৰ পৰিয়াললৈ এটি নতুন সদস্যৰ আগমন ঘটিব । আমাৰ সকলো শুভকাংক্ষীলৈ তেওঁলোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে বহুত বহুত ধন্যবাদ ।’

ইফালে এই খবৰে আনন্দিত কৰিছে ছেইফ পৰিয়ালৰ সকলো সদস্যকো ।ছেইফ আলী খানৰ ভগ্নী ছোহা আলী খানে ছেইফৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি কেপচনত লিখিছে, ‘অভিনন্দন কৰীণা কপুৰ । সাৱধানে থকা আৰু সুস্থ থকা । সদায় উজ্বলি থকা ।’

ইপিনে ছেইফ-কৰীণাৰ শুভকাংক্ষী সকলকো এই খবৰে আনন্দিত কৰি তুলিছে । ছ’চিয়েল মিডিয়া যোগে এই খবৰ লাভ কৰি দুয়োকে শুভেচ্ছা দিছে ছেইফ-কৰীণাৰ বন্ধু সকলেও ।

Exit mobile version