পাঠশালাত অগপ বিধায়ক পবিন্দ্ৰ ডেকাৰ বিস্ফোৰণ : ন মাহ পূৰ্বেই অতুল বৰা আৰু কেশৱ মহন্তই প্ৰতাৰণা কৰিছে পবিন্দ্ৰ ডেকাক

0affdda5 ab98 4d57 baf5 7c8e711bf7f4

অগপৰ দখলত থকা পাটাছাৰকুছি সমষ্টিটো ইতিমধ্যে আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে বিজেপিক এৰি দিছে অগপই আৰু এই কথা ন মাহ পূৰ্বেই অগপ সভাপতি অতুল বৰা আৰু মন্ত্ৰী কেশৱ মহন্তই বিজেপি নেতৃত্বৰ ওচৰত সন্মতি প্ৰকাশ কৰি অগপ বিধায়ক পবিন্দ্ৰ ডেকাক প্ৰতাৰণা কৰিছে । পাঠশালাত সাংবাদিকৰ আগত এনে বিস্ফোৰক বক্তব্য দাঙি ধৰিছে অগপ বিধায়ক পবিন্দ্ৰ ডেকাই ।

বিগত বিধানসভা নিৰ্বাচনত অগপ-বিজেপিৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী হিচাপে পাটাছাৰকুছিত অগপ নেতা পবিন্দ্ৰ ডেকাই প্ৰতিদ্বন্দিতা কৰি এক অভিলেখ সংখ্যক ভোটত জয়ী হবলৈ সক্ষম হৈছিল । কিন্তু এনে পৰিক্ৰমাৰ পিছত শেহতীয়া পঞ্চায়ত নিৰ্বাচনত পবিন্দ্ৰ ডেকাৰ বিজেপিৰ স’তে মনোমালিন্য আৰু বাকযুদ্ধ আৰু শেহতীয়াকৈ কা বিৰোধী স্থিতিক কেন্দ্ৰ কৰি পবিন্দ্ৰ ডেকাই এক বিপৰীত মেৰুত অৱস্থান কৰা দৃষ্টিগোচৰ হৈছিল ।

ইয়াৰ পিছতে পাঠশালাত উপস্থিত হৈ প্ৰায় দুমাহ পূৰ্বে বিজেপি সাংসদ দিলীপ শইকীয়াই আগন্তুক বিধান সভা নিৰ্বাচনত পাটাছাৰকুছিত বিজেপি প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিব বুলি ঘোষণা কৰিছিল । এনে পৰ্যায়ৰ পিছতে এতিয়া পবিন্দ্ৰ ডেকাৰ বক্তব্যই সাংসদ গৰাকীৰ কথাৰ সত্যতা প্ৰতিপন্ন কৰিলে ।

বিধায়ক পবিন্দ্ৰ ডেকাই পাঠশালাত সাংবাদিকৰ আগত প্ৰকাশ কৰি কয় যে – অতুল বৰা আৰু কেশৱ মহন্তই ন মাহ পূৰ্বেই তেওঁক অন্ধকাৰত ৰাখি প্ৰতাৰণা কৰিছে আৰু তেওঁৰ লগত আলোচনা নকৰাকৈয়ে পাটাছাৰকুছি সমষ্টি অগপই বিজেপিক এৰি দিয়াৰ সিন্ধান্ত গ্ৰহণ কৰিছে । এই বিষয়ে ড° হিমন্ত বিশ্ব শৰ্মাই ৯ মাহ পূৰ্বেই জনাইছিল পবিন্দ্ৰ ডেকাক । পবিন্দ্ৰ ডেকাই লগতে কয় যে, ২০১৯ বৰ্ষৰ ১১ নৱেম্বৰত পাঠশালাৰ কেন্দুগুৰিত এছ ও পি দি আঁচনিৰ অধীনত পাহ্লা শিমলাগুৰি পথৰ বহলীকৰণ আৰু উন্নীতকৰণ কাৰ্যৰ আধাৰশিলা অনুষ্ঠানত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগত একেলগ হৈ থকাৰ ক্ষণতে মন্ত্ৰী ড০ শৰ্মাই পবিন্দ্ৰ ডেকাক জনাইছিল যে অহাবাৰ পাটাছাৰকুছি আসনখন বিজেপিয়ে বিচাৰিছে আৰু এই কথাত অগপৰ সভাপতি অতুল বৰা আৰু মন্ত্ৰী কেশৱ মহন্তই ইতিমধ্যে সন্মতি প্ৰকাশ কৰিছে ।

এতিয়া এই কথা সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰি সন্মান সহকাৰে কোৱা তেওঁৰ স্পষ্টবাদীতাৰ বাবে ড০ হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে পবিন্দ্ৰ ডেকাই । কাৰণ নিজৰ দলৰ মানুহ হৈও অগপ নেতৃত্বই তেওঁক অন্ধকাৰত ৰাখিব বিচাৰিছিল । সকলো জানিও নজনাৰ ভাও ধৰি আছিল পবিন্দ্ৰ ডেকাই ।

কিন্তু আগন্তুক বিধান সভা নিৰ্বাচনত পাটাছাৰকুছিৰ পৰাই নিৰ্বাচন খেলিব বুলি ঘোষণা কৰে পবিন্দ্ৰ ডেকাই আৰু কেনেদৰে তেওঁ খেলিব সেই সন্দৰ্ভত অহা জানুৱাৰীত তেওঁ ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে । অগপ নেতৃত্বৰ এনে কাৰ্য্যৰ বিপৰীতে তেওঁ অগপৰ সভাপতি অতুল বৰাক মিৰজাফৰৰ লগত তুলনা কৰি সময়ে এদিন উচিত প্ৰত্যুত্তৰ দিব বুলি অংগীকাৰ কৰে ।

ইপিনে বিজেপিয়ে পাটাছাৰকুছিত প্ৰাৰ্থী প্ৰক্ষেপ কৰি জয়ী হ’ব বিচৰা কাৰ্যক হিমালয়ত পদুম ফুল বিচৰাৰ দৰে একে কথা হ’ব বুলি উল্লেখ কৰে বিধায়ক ডেকাই । অৱশ্যে কেন্দ্ৰীয় নীতি অথবা প্ৰক্ৰিয়া অনুসৰি যদি অসমৰ সমষ্টি পুনৰনিৰ্ধাৰণ প্ৰক্ৰিয়া নিৰ্বাচনৰ পূৰ্বে হৈ যায় তেন্তে অসমৰ ৰাজনীতিত প্ৰতিটো সমষ্টিত উল্লেখযোগ্য পৰিবৰ্তন আহিব বুলিও ঘোষণা কৰে ডেকাই l

আনহাতে যিসকল অগপ নেতাই কেৱল কা বিৰোধী আন্দোলন অকলে কৰা বুলি মন্তব্য কৰি থাকে সেই সন্দৰ্ভত কা আন্দোলন অকল পবিন্দ্ৰ ডেকাৰ নহয় বুলি কৈ বিধায়ক গৰাকীয়ে কয় যে, কা বিৰোধীতা কৰাটো আছিল অগপৰ দলীয় সিন্ধান্ত । সেই অনুসৰি তেওঁ কা বিৰোধ কৰি গৈছিল আৰু এতিয়াও কা বিৰোধী স্থিতিত তেওঁ অটল আছে । কিন্তু ইয়াৰ বিপৰীতে নাম উল্লেখ নকৰাকৈ দলৰ বাকী কেইজনে উচ্চতম ন্যায়ালয়ত নিজে গোচৰ দি এতিয়া পাভলুটি মৰা বুলি পবিন্দ্ৰ ডেকাই আক্ৰমণাত্মক মন্তব্য প্ৰদান কৰে ।

ইপিনে বজালীবাসীৰ দীৰ্ঘদিনীয়া আশা আৰু দাবীৰ পৰিণতিত বজালীয়ে জিলা হিচাপে যি প্ৰাপ্তি লাভ কৰিলে তাৰ বাবে বজালীবাসীক অভিনন্দন জ্ঞাপন কৰে পবিন্দ্ৰ ডেকাই l ইয়াৰ লগতে বজালী জিলা ঘোষণাত অসম চৰকাৰ আৰু বিশেষভাৱে ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক গৰাকীয়ে ।

উল্লেখযোগ্য যে বিগত বিধান সভা নিৰ্বাচনত পাঠশালা ভগৱতী ক্ষেত্ৰত অগপ নেতা পবিন্দ্ৰ ডেকাৰ নিৰ্বাচনী সভাত প্ৰচাৰ চলাই মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বজালীক জিলা ঘোষণা কৰা হ’ব বুলি ঘোষণা আগবঢ়াইছিল । স্বাভাৱিকতেই এতিয়া পবিন্দ্ৰ ডেকাৰ পাটাছাৰকুছি সমষ্টিকেন্দ্ৰিক এনে ৰহস্য মুকলিকৈ দাঙি ধৰাৰ পিছত পাটাছাৰকুছিৰ অগপ কৰ্মীসকলৰ মাজত কেনে প্ৰতিক্ৰিয়া সৃষ্টি হয় সেয়া পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা যাব ।

তাৎপৰ্যপূৰ্ণ ভাৱে এসপ্তাহ পূৰ্বে পাঠশালাত অগপ সভাপতি অতুল বৰাই পাটাছাৰকুছি সমষ্টিটো এৰি দিয়া হ’ব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কৌশলগত মন্তব্য আগবঢ়াই বিষয়টো এৰি চলিব চেষ্টা কৰিছিল ।

Exit mobile version