বেংগালুৰুত ফেচবুক প’ষ্টক লৈ হিংসাৰ দাবানলঃ আৰক্ষীৰ গুলীত নিহত ৩

taclakm bengaluru violence august 11

বেংগালুৰুৰ কংগ্ৰেছৰ বিধায়ক অখণ্ড শ্ৰী নিবাস মূৰ্তিৰ ভতিজাক নবীনে ফেচবুকত হজৰত মহম্মদক লৈ কৰা এক বিতৰ্কিত মন্তব্যৰ পিছতেই উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷ পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় । যাৰ ফলত তিনিজন লোকৰ মৃত্যু আৰু ৬০ জনতকৈ অধিক আৰক্ষী লোক আহত হয় ।

আনহাতে বেংগালুৰুৰ কাভাল বাইচান্দ্ৰা এলেকাত কংগ্ৰেছ নেতা শ্ৰী নিবাস মূৰ্তিৰ ঘৰৰ সন্মুখত ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰে প্ৰতিবাদকাৰীয়ে ৷ লগতে প্ৰতিবাদকাৰীয়ে শিলাবৰ্ষণ কৰাৰ উপৰিও পাৰ্কিঙত ৰৈ থকা গাড়ী আৰু ঘৰত অগ্নিসংযোগ কৰি দিয়ে জনতাই ।

ইপিনে বেংগালুৰুৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ডিজে হাল্লী আৰু কেজী হাল্লী অঞ্চলত কাৰ্ফিউ জাৰি কৰা হৈছে ৷ লগতে সমগ্ৰ বেংগালুৰুত ১৪৪ ধাৰা দিয়া হৈছে । এতিয়ালৈকে এই ঘটনাৰ লগত জৰিত ১১০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ আৰক্ষীৰ মন্তব্য অনুসৰি একাংশ লোকে বিবাদিত প’ষ্টটোক লৈ এজাহাৰ দাখিল কৰিবলৈ থানাত উপস্থিত হৈছিল । তেতিয়া আৰক্ষীয়ে তেওঁলোকৰ মাজতে বিষয়টো সমাধান কৰিবলৈ উপদেশ দিয়ে ।

কিন্তু লোকসকলে আৰক্ষীৰ কথা নুশুনি প্ৰথমতে তৰ্কাতৰ্কি কৰাৰ পিছতে ইজনে সিজনৰ গালৈ শিল দলিয়াবলৈ ধৰে । ইয়াৰ পিছত লোকসকলে থানা আৰু বিধায়কৰ ঘৰ ধ্বংস কৰাৰ আগজাননী দিয়ে ৷ উল্লেখযোগ্য যে এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ডেম’ক্ৰেটিক পাৰ্টিৰ এজন নেতাক গ্ৰেপ্তাৰ কৰিছে যদিও এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম স্পষ্ট কৰা নাই।

Exit mobile version