সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ ইমান চৰ্চা কিয়ঃ শৰদ পাৱাৰ

3sharad pawar 107

বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতে ১৪ জুনত আত্মহত্যা কৰাৰ পিছত সমগ্ৰ দেশজুৰি বিভিন্ন প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ বিহাৰ চৰকাৰৰ আহ্বানৰ পিছত কেন্দ্ৰীয় চৰকাৰে এই সুশান্তৰ এই ঘটনাৰ তদন্ত চি বি আইক অৰ্পন কৰে । এই সময়তে এন চি পিৰজ্যেষ্ঠ নেতা শৰদ পাৱাৰে দিয়া এক মন্তব্যই সুশান্তৰ অনুৰাগীসকলৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে ৷

পাৱাৰে কয় “এজন ব্যক্তি আত্মহত্যা কৰি মৃত্যু হোৱাটো দুৰ্ভাগ্যজনক ৷ কিন্তু ইয়াৰ বিষয়ে ইমান চৰ্চা কিয়? মোৰ মতে এইটো কোনো ডাঙৰ ঘটনা নহয় ৷ এজন কৃষকে মোক কৈছিল যে দেশত এইসময়ত ২০ জন কৃষকে আত্মহত্যা কৰিছে। কিন্তু ইয়াৰ বিষয়ে কোনেও ক’তো একো আলোচনা কৰা নাই।”

লগতে মুম্বাইৰ পুলিচৰ কৰ্মদক্ষতাৰ শলাগ লৈ শৰদ পাৱাৰে কয় “মই মহাৰাষ্ট্ৰ আৰু মুম্বাইৰ পুলিচৰ কৰ্মদক্ষতাক বিগত ৫০ বছৰে দেখি আহিছো । তেওঁলোকৰ ওপৰত মোৰ বিশ্বাস কৰিছো । মই মুম্বাই আৰু মহাৰাষ্ট্ৰ চৰকাৰক সমালোচনা কৰা সকলৰ বিষয়ে একো নকও ৷ যদি কোনোবাই ভাবিছে চিবিআইয়ে সুশান্তৰ আত্মহত্যাৰ তদন্ত কৰিব লাগে তেন্তে মই ইয়াৰ বিৰোধিতাও নকৰো ৷”

ইপিনে সুশান্ত আত্মহত্যাৰ প্ৰসংগত শৰদ পাৱাৰৰ নাতিনীয়েক পাৰ্থ পাৱাৰৰ ফালৰ পৰা বিচৰা চিবিআইৰ তদন্তৰ সন্দৰ্ভত শৰদ পাৱাৰে কয় “পাৰ্থই চিবিআইৰ তদন্ত বিচৰা প্ৰসংগত মই গুৰুত্ব নিদিও ৷ কাৰণ, তেওঁ অপৰিপক্ব।”

উল্লেখযোগ্য যে সুশান্ত সিং ৰাজপুতক লৈ সম্প্ৰতি বিহাৰ আৰু মুম্বাই আৰক্ষীৰ অভিযোগ-প্ৰতিযোগ অব্যাহত আছে ৷ লগতে বহু ৰাজনৈতিক নেতাও এই সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰিছে ৷ উল্লেখযোগ্য যে ইতিমধ্যে চিবিআই আৰু ইডিয়ে সুশান্তৰ গাৰ্লফেণ্ড ৰিয়া চক্ৰৱৰ্তীৰ সমগ্ৰ পৰিয়ালক তদন্ত অব্যাহত ৰাখিছে ।

Exit mobile version