কৰ’নাক হৰুৱাই ১০৩ বছৰত দীৰ্ঘদিনীয়া ইচ্ছাপূৰণ আইতাৰ

Screenshot 43

এগৰাকী আইতাই নিজৰ এক সৰু অথচ প্রিয় ইচ্ছা ১০৩ বছৰ বয়সত পূৰণ কৰিবলৈ সক্ষম হ’ল । সেয়াও সম্ভৱ হ’ল কৰ’না ভাইৰাছক পৰাজিত কৰাৰ পাছত । সামাজিক মাধ্যমৰ জৰিয়তে বৃদ্ধাৰ সেই কাহিনী সম্প্ৰতি ভাইৰেল হৈ পৰিছে । বৃদ্ধা গৰাকী আমেৰিকাৰ মিছিগানৰ নিবাসী ডৰ’থী পোলক। ফেচবুকত পোলকৰ এই ফটোও বিয়পি পৰিছে ।

ADVERTISEMENT

অৱশেষত কৰ’নাক পৰাজিত কৰি শতায়ু গৰকা বৃদ্ধাৰ দীৰ্ঘদিনীয়া এটা চখ পূৰণ কৰাৰ ইচ্ছা জাগে । বৃদ্ধা গৰাকীৰ ইচ্ছা আছিল, হাতত তেওঁ এটা স্থায়ী টাটু কৰাব । অৱশ্যে ইচ্ছা থকা সত্বেও বিগত কিছু দশকত তেওঁ সেয়া পূৰণ কৰিব পৰা নাছিল । এগৰাকী নাতিনীয়েকৰ উৎসাহতে পোলকে স্থিৰ কৰিলে যে এইবাৰ তেওঁ কৰ’না অতিমাৰীৰ মাজতো সেই পুৰণি ইচ্ছা পূৰণ কৰিব।

এই সন্দৰ্ভত নাতিনীয়েক টেৰেছাই সংবাদ মাধ্যমৰ আগত কয় যে আগতে আইতাকক তেওঁলোকে মন মাৰি থকা দেখা নাছিল । নাৰ্ছিংহোমৰ পৰা উভতি অহাৰ পাছতো তেওঁ স্বাভাৱিক হ’ব পৰা নাছিল । সেয়ে তেওঁলোকে ঠিক কৰিলে যে আইতাকৰ দীৰ্ঘদিনীয়া ইচ্ছা পূৰণ কৰিব লাগিব । সেয়ে নাতিনিয়েকে পোলকক লৈ যায় এটা টাটু ষ্টুডিঅ’লৈ ।

তাত তেওঁ এটা সেউজীয়া ৰঙৰ বেংঙৰ চিত্ৰ অংকন কৰায় । টাটু হাতত লৈ আইতাকৰ মনৰ আনন্দৰ ফটো সামাজিক মাধ্যমত প’ষ্ট কৰে টেৰেছাই ।বৃদ্ধা গৰাকীয়ে কয় যে বেং তেওঁৰ বৰ প্ৰিয় । সেয়ে হাতত বেংঙৰ চিত্ৰ টাটু কৰাই অতিশয় উৎফুল্লিত হৈছে ডৰ’থী পোলক ।

Exit mobile version