চড়ক ২ ৰ অনলাইন প্ৰতিবাদ

918964 sadak 2

সঞ্জয় দত্ত, পুজা ভাট, আদিত্য ৰয় কাপুৰ আৰু আলিয়া ভাটৰ ছবি চড়ক ২ ৰ ট্ৰেইলৰে মুক্তি লাভ কৰাৰ পিছতে ইউটিউবত সকলোতকৈ বেছি ডিচলাইক পোৱা ট্ৰেইলৰ হিচাপে পৰিগণিত হয় । অৰ্থাৎ ডিছলাইকৰ সংখ্যা লাইকতকৈ দুগুণ বেছি । চড়ক ২ ইউটিউব চেনেল “ফক্স ষ্টাৰ”ত ৰিলীজ হৈছিল ৷ এই চেনেলৰ চাবক্ৰাইবাৰ ৫৩ লাখতকৈ অধিক । কিন্তু চড়ক২ ট্ৰেইলৰে লাভ কৰে ৬৫ লাখ ডিচলাইক ।

ইয়াৰ বিপৰীতে চড়ক ২ য়ে লাইক লাভ কৰে ৩.৫ ৷ সম্প্ৰতি চৰ্চা লাভ কৰিছে যে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত বলীউডৰ ষ্টাৰ কিডসকলক লৈ লোকসকলে কৰা এইয়া অনলাইন প্ৰতিবাদ ৷ ১৪ জুনত সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰাৰ পিছতে বলীউডত নেপ’টিজ’ম আৰু “মুভী মাফিয়া” সকলৰ বিৰুদ্ধে প্ৰতিবাদ কৰা বিপৰীতে তেওঁলোকৰ ছবিসমূহ চোৱা বন্ধ কৰিবলৈ আহ্বান কৰিছে বলীউড তথা সুশান্তৰ অনুৰাগীসকলে।

চড়ক২ য়ে ডিচলাইক পোৱাৰ পিছতে এই সন্দৰ্ভত পূজা ভাটৰ প্ৰতিক্ৰিয়া পোহৰলৈ আহিছে । উল্লেখযোগ্য যে চড়ক২ ত পৰিচালনা কৰিছে মহেশ ভাটে। প্ৰযোজক নানাভাই ভাটে ৷ মুখ্য চৰিত্ৰত অভিনয় কৰিছে আলিয়া ভাট, সঞ্জয় দত্ত, আদিত্য ৰয় কাপুৰ, পূজা ভাট আদিয়ে ।

ছবিখনত সহকাৰী অভিনেতা হিছাপে গুলচন গ্ৰোভাৰে অভিনয় কৰিছে ৷ ছবিখনে মুক্তি লাভ কৰিব ২৮ আগষ্টত। এই ছবিখন ১৯৯১ ত মুক্তি পোৱা সঞ্জয় দত্ত, পূজা ভাটৰ অভিনয় কৰা চড়ক ছবিৰ ছিকুৱেল ৷ ছবিখন ২৮ আগষ্টত অ’টিটি প্লেটফৰ্ম ডিজনী প্লাচ হট ষ্টাৰত মুক্তি পাব ৷

Exit mobile version