জুবিন গাৰ্গ আমাৰ সম্পদ, তেওঁক আমি সম্পদ হিচাপে থকাটোৱেই বিচাৰো ঃ বিধায়িকা আঙুৰলতা ডেকা

zubeen

জুবিন গাৰ্গ আমাৰ সম্পদ, তেওঁক আমি সম্পদ হিচাপে থকাটোৱেই বিচাৰো ৷ একেলগে কা আন্দোলন কৰা একাংশই এতিয়া জুবিন গাৰ্গক লৈ বিৰূপ মন্তব্য কৰিছে ৷ যোৱাকালি জুবিন গাৰ্গক দুৰ্বৃত্তই কৰা আক্ৰমণ সম্পৰ্কত আজি এনেদৰে সাংবাদিকৰ আগত মত ব্যক্ত কৰে বিধায়িকা আঙুৰলতা ডেকাই ৷

ইফালে অহা বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি সমষ্টিয়ে সমষ্টিয়ে পুনৰ উজান উঠিল আধাৰশিলা স্থাপনৰ ৰাজনীতি । বটদ্ৰৱা সমষ্টিতো আজি তিনিটাকৈ গড়কাপ্তানি পথৰ আধাৰশিলা স্থাপন কৰে আঙুৰলতা ডেকাই ৷ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সমষ্টি উন্নয়নত বৰ্তমানে অধিক গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে বিধায়িকা আঙুৰলতাৰ ৷ সমষ্টিৰ ক’তো যাতে আধাৰশিলা আধাৰশিলা হৈ পৰি নাথাকে তাৰ প্ৰতিও সতৰ্ক বিধায়িকা আঙুৰলতা ৷ মুঠতে সমষ্টি উন্নয়নৰ চমক দিয়াত ব্যস্ত এতিয়া জনপ্ৰিয় বিধায়িকা আঙুৰলতা ডেকা ৷

Exit mobile version