তলাবন্ধ শিথিলৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ নিৰ্দেশাৱলী

Lockdown

■ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান সোমাবাৰৰ পৰা শুক্ৰবাৰলৈ পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ খুলিব পাৰিব ।
■ আন্তঃজিলা যাতায়ত পৰিবহণৰ ক্ষেত্ৰত সোমবাৰৰ পৰা শুক্ৰবাৰলৈ অনুমতি প্ৰদান কৰা হৈছে।
■ ক’ভিড-১৯ ৰ নীতি-নিয়ম,সামাজিক দূৰত্ব মানি চলি আৰু ৫০ শতাংশ যাত্রীৰে চিটিবাছসমূহ চলাচলৰ বাবে নিৰ্দেশ দিয়া হৈছে ।
■ ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ ক্ষেত্ৰতো ৫০ শতাংশ যাত্ৰীৰ লগতে ক’ভিড-১৯ ৰ নীতি-নিয়ম আৰু সামাজিক দূৰত্ব মানি চলিব লাগিব।
■ ৰাজহুৱা স্থানত থু-খেকাৰ পেলোৱা, নিচাযুক্ত দ্ৰব্য সেৱনত বাধা আৰোপ কৰা হৈছে ।
■ সামাজিক, ৰাজনৈতিক, ধর্মীয় অনুষ্ঠান আৰু বহু লোক সমবেত হ’ব পৰা স্থানসমূহত নিষেধাজ্ঞা আৰোপ।
■ চিনেমা হল, চুইমিং পুল, পার্ক, প্ৰেক্ষাগৃহৰ দৰে স্থানত সমাগম বন্ধ থাকিব।
■ শনি আৰু দেওবাৰে সম্পূৰ্ণ তলাবন্ধ থাকিব।
■ ৬৫ বছৰৰ উৰ্দ্ধৰ আৰু ১০ বছৰৰ তলৰ শিশুক স্বাস্থ্যজনিত সমস্যাৰ বাদে আন কোনো কাৰণতে ঘৰৰ পৰা ওলাই নাহিবলৈ পৰামৰ্শ দিয়া হৈছে।
■ ৰাজহুৱা স্থান, কৰ্মক্ষেত্ৰ আৰু ৰাজহুৱা পৰিবহণৰ ক্ষেত্ৰত মাস্ক পিন্ধাটো বাধ্যতামূলক। অন্যথা ১০০০ টকাৰ জৰিমনা ভৰিব লাগিব।
■ সমূহ নিৰ্দেশনা জাৰি কৰিছে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই।

Exit mobile version