বাজেটত সন্নিবিষ্ট আঁচনি ৰূপায়ণৰ খতিয়ান দাখিলৰ প্ৰত্যাহ্বান বিত্তমন্ত্ৰীক

Pradyut Bordoloi attacks CM Sonowal and Patowary

২০১৬ ৰ পৰা ৪ খন বাজেট দাখিল হৈছে । ইয়াত ৫০০ৰো অধিক আঁচনি গ্ৰহণ কৰা বিজেপিয়ে হিতাধিকাৰী আঁচনি বাদ দি বিকাশমুখী আঁচনি ঘোষণা কৰে ৷ এই মন্তব্য লোকসভৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ । আজি ৰাজীৱ ভৱনত হোৱা এক সংবাদ মেলত লোকসভাৰ সাংসদ প্ৰদ্যৎ বৰদলৈয়ে বিজেপি চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণ, অৰুণোদয় আঁচনি তথা ৬ নং দফাৰ সন্দৰ্ভত মন্তব্য কৰে ৷

লগতে প্ৰদ্যুত বৰদলৈয়ে বিগত ৪ বছৰে ৰাজ্যত ৰূপায়ণ কৰা বিকাশমুখী আঁচনিৰ খতিয়ন দাঙি ধৰিবলৈ বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায় ৷ ইফালে বুধবাৰে এক সংবাদমেল যোগে ঘোষণা কৰা অৰুণোদয় আঁচনি মানুহক ফুচুলাবলৈ তথা আভুৱাভাৰিবলৈ ৰূপায়ণ কৰা বুলি কয় প্ৰদ্যুত বৰদলৈয়ে ৷ ২ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব লগীয়া এই আঁচনিখন হৈছে নিৰ্বাচনীমুখী ৷

আনহাতে ইতিমধ্যে আছুৱে ৰাজহুৱা কৰা অসম চুক্তিৰ ৬ নং দফাৰ কাৰ্যকৰীকৰণৰ উদ্দেশ্যে গৃহ মন্ত্ৰণালয়ে গঠন কৰা উচ্চ ক্ষমতা সম্পন্ন প্ৰতিবেদনৰ সন্দৰ্ভত মত ব্যক্ত কৰি প্ৰদ্যুত বৰদলৈয়ে কয় যে আছুৰ এয়া সাহসী পদক্ষেপ ।

Exit mobile version