ভাৰতৰ ভেকচিন প্ৰস্তুত কৰাত বিলম্ব কিয়?

coronavaccine1.v1

সমগ্ৰ বিশ্বত কৰ’না মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ৰাছিয়াই বিশ্ব স্বাস্থ্য সংস্থাৰ আশংকাক উপেক্ষা কৰিয়ে ভেকচিন প্ৰস্তুত কৰাৰ দাবী কৰিলে ৷ সম্প্ৰতি ৰাছিয়াই প্ৰস্তুত কৰা ভেকচিন বিশ্বত বিতৰণ কৰাৰ প্ৰস্তুতি চলাইছে যদিও এই ভেকচিন মানৱ দেহৰ কাৰণে কিমান সুৰক্ষিত সেই বিষয়ে এতিয়াও সন্দেহ কৰিছে বিভিন্ন দেশে ।

সেই সময়তে কৰ’নাত আক্ৰান্তত তৃতীয় স্থানত থকা ভাৰততো কৰ’না ভেকচিন প্ৰস্তুত হ’ল যদিও ইয়াৰ প্ৰয়োগ হ’ব চলিত বৰ্ষৰ শেষত । কিন্তু প্ৰশ্ন হয় ভাৰতত ভেকচিনৰ কাৰণে কিয় ইমান সময়ৰ প্ৰয়োজন হৈছে? ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে দাবী কৰিছে যে গামালেয়া ইনষ্টিটিউটে প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ লগত যৌথভাৱে যি ভেকচিন প্ৰস্তুত কৰিছে সেয়া ইতিমধ্যে পঞ্জীয়ন কৰিছে  ৷

লগতে ৰাছিয়াই এই ভেকচিনক বিশ্ববাসীয়ে ব্যৱহাৰ কৰিব পৰাৰ উপযোগীকৈ প্ৰস্তুত কৰা বুলিও দাবী কৰে । ছেপ্তেম্বৰত এই ভেকচিনৰ উৎপাদন আৰম্ভ হ’ব আৰু অক্টোবৰত সাধাৰণ লোকসকলে ভেকচিন ল’ব পাৰিব ৷ আনহাতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনৰ জীয়ৰীৰ শৰীৰত প্ৰথমবাৰৰ কাৰণে ভেকচিন পৰীক্ষা কৰোৱা হয় । আৰু ইতিমধ্যে পুটিনে কন্যাৰ স্বাস্থ্য আগতকৈ সুস্থিৰ বুলিও সদৰী কৰিছে ৷

ৰাছিয়াৰ দৰে ভাৰতেও অনতিপলমে ভেকচিন প্ৰস্তুত কৰিব পাৰে যদিও এই ক্ষেত্ৰত কোনো সিদ্ধান্ত লোৱা নাই । আইচিএমআৰৰ লগত যৌথভাৱে ভাৰত বায়’টেক ইন্টাৰনেশ্যনেলে প্ৰস্তুত কৰা ভেকচিন “কোভেক্সিন”ৰ সন্দৰ্ভত অধক্ষ্য কৃষ্ণা এল্লোই কয় যে কোম্পানীয়ে ভেকচিনক লৈ ক্ষিপ্ৰ সিদ্ধান্ত নলয় ।

লগতে অধ্যক্ষ এল্লাই কয় যে ভেকচিন নিৰ্মাণ কৰিবলৈ সকলোৰে ফালৰ পৰা হেঁচা প্ৰয়োগ কৰিছে যদিও মানৱ শৰীৰৰ সুৰক্ষা দিশলৈ চাই যিকোনো সিদ্ধান্ত নলয় কোম্পানীয়ে । যাতে ভেকচিন মানৱ শৰীৰত প্ৰয়োগ কৰাৰ পিছত সুৰক্ষা আৰু মানদণ্ডৰ লগত জড়িত কোনো প্ৰশ্নৰ অৱকাশ নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিছে ভাৰতে ৷

Exit mobile version