মন্দিৰ ৰক্ষাৰ বাবে মুছলমান যুৱকৰ মানৱ-শৃংখল

Screenshot 42

এটা ফেচবুক প’ষ্টক কেন্দ্ৰ কৰি উদ্ভৱ ঘটা হিংসাত্মক পৰিস্থিতিয়ে মাৰাত্মক ৰূপ ধাৰণ কৰাৰ সময়তে বাংগালুৰুৰ একাংশ মুছলমান যুৱকে মানৱ-শৃংখল গঢ়ি ৰক্ষা কৰিলে এটা মন্দিৰ । লগে লগে সামাজিক মাধ্যমত বিয়পি পৰে সেই দৃশ্যৰ ভিডিঅ’। ভিডিঅ’ প্ৰত্যক্ষ কৰি যুৱক সকলৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ইণ্টাৰনেট ব্যৱহাৰকাৰীসকল ।

স্থানীয় কংগ্ৰেছ নেতা তথা বিধায়ক শ্ৰী নিবাস মূৰ্তিৰ এজন আত্মীয়ৰ এটা ফেচবুক প’ষ্টক কেন্দ্ৰ কৰি মঙলবাৰে বাংগালুৰুত হিংসা বিয়পি পৰে ।আনকি এদল দুষ্কৃতিকাৰীয়ে বিধায়কজনৰ বাসগৃহতো আক্ৰমণ কৰে ।আনকি বিধায়ক জনৰ গাড়ীতো অগ্নিসংযোগ কৰে দুষ্কৃতিকাৰীয়ে।ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ।

তেওঁলোকৰ স’তেও দুষ্কৃতিকাৰীসকলে সংঘৰ্ষত লিপ্ত হয়  । আৰক্ষীৰ গুলী চালনাত তিনিজন দুষ্কৃতিকাৰীৰ মৃত্যু হয় । দুষ্কৃতিকাৰীৰ দলটো সেই স্থান ত্যাগ কৰি ডিজে হল্লি আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলৰ এটা মন্দিৰত প্ৰৱেশৰ চেষ্টা চলায় । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ আশংকাত একাংশ স্থানীয় মুছলমান যুৱকে আগৰে পৰাই মানৱ-শৃংখলৰ সৃষ্টি কৰি মন্দিৰৰ সন্মুখত থিয় দি আছিল ।

আক্ৰমণকাৰী সকলে মন্দিৰত প্ৰৱেশ কৰিব বিচৰাত মুছলমান যুৱক সকলে তেওঁলোকক বাধা দিয়ে । যাৰ বাবে আক্ৰমণকাৰী দলটোৱে আঁতৰি যাবলৈ বাধ্য হয় । সেই মুছলমান যুৱকসকলে এই পদক্ষেপ নোলোৱা হ’লে অঘটন ঘটিলহেঁতেন বুলিও স্থানীয় লোকে মন্তব্য কৰিছে ।

Exit mobile version