স্বাধীনতাৰ ৭৩ বছৰ পিচতো ঠেলা আৰু টুলুঙা নাওখনেই ভৰষা চিৰাং জিলাৰ ৫৪ খন গাঁওৰ বৃহত্তৰ অঞ্চলৰ

IMG 20200813 WA0012

কে’বাদিনো জ্বৰত আক্ৰান্ত হৈ দুৰ্বল তথা অচেতন হৈ পৰা ৰোগী ঠেলাৰে আনি নাৱেৰে পাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱাৰ পৰিস্থিতিৰ সন্মূখীন হৈছে চিৰাঙৰ এক বৃহত্তৰ অঞ্চলত । অঞ্চলটোৰ এফালে নাঙল ভাঙা নদী আৰু আনটো ফালে আছে আই নদী । এই দুখন নৈৰ মাজত পাঁচটা ভিচিডিচিৰ অন্তৰ্গত ৫৪ খন গাঁও নদীদ্বীপ সদৃশ নদীৰে আৱৰা বৃহত্তৰ অঞ্চল । য’ত বসবাস কৰে প্ৰায় ৪০/৪৫ হেজাৰ বিভিন্ন জনগোষ্ঠীৰ লোক । দলং নথকাত বৃহত্তৰ অঞ্চলটোৰ লোকৰ নৈ পাৰ হোৱাৰ একমাত্ৰ ভৰষা টুলুঙা নাও। দুয়োফালে নদী আৰু মাজত এই ৫৪ খন গাঁওৰ জনসাধাৰণ বন্দী।

স্বাধীনতাৰ ৭৩ বছৰৰ পিচতো এই অৱস্থা চিৰাং জিলাৰ এইসকল লোকৰ। বানপানী, গৰাখহনীয়াৰ তাণ্ডৱৰ সৈতে এইসকল লোকৰ সহাৱস্থান। কৃষিজীৱী দৰিদ্ৰ বৃহত্তৰ অঞ্চলটোৰ বড়ো, বঙালী, সংখ‍্যালঘু, নেপালী, আদীবাসী, কোচ ৰাজবংশী আদি কে’বাটাও জনগোষ্ঠীৰ লোকে বসবাস কৰে এই অঞ্চলটোত । নৈপৰীয়া এই বৃহৎ অঞ্চলটোত নাই কোনো চিকিৎসাৰ ব‍্যৱস্থা, নাই কোনো এম্বুলেঞ্চ বা নৌকা চিকিৎসাৰ ব‍্যৱস্থা ।

বাৰিষাৰ বতৰত আই আৰু নাঙলভাঙা নৈৰ পানী যেতিয়া বাঢ়ি আহে পণবন্দী হৈ পৰে সকলো লোক। নাৱ চলাচল বন্ধ হোৱাৰ ফলত যোগাযোগ বিচ্ছিন্ন হৈ পৰে সম্পূৰ্ণৰূপে । নৈৰ পানী কমি আহিলেও নাওৰ ভাড়া হয়গৈ এশ বা তাতোকৈ অধিক । কোনো লোক বেমাৰত পৰিলে নিশ্চিত মৃত‍্যুৰ বাহিৰে কোনো উপায় নাই । কেতিয়াবা নদীৰ পানী কিছু কম হয় যদিও নাঙলভাঙা নৈৰ দুটা সুতি ওলোৱাত দুখনকৈ নদী টুলুঙা নাৱেৰে পাৰ হৈ অহা-যোৱা কৰিবলীয়া হয় । এনে অৱস্থাত কে’বাদিনো নদীৰ পানী বাঢ়িলে ৰোগী লৈ নদী পাৰ হোৱা সম্ভৱ হোৱা নহয় ।

চিৰাং জিলাৰ হাগ্ৰামা মহিলাৰীৰ মডেল বিটিচিৰ দৃশ‍্য মন কৰিবলগীয়া। কে’বাদিনৰ পৰা জ্বৰত আক্ৰান্ত এগৰাকী মহিলা প্ৰায় অচেতন অৱস্থাত । ৰোগীগৰাকী নাঙলভাঙা গাঁওৰ মাতবৰ আলী নামৰ লোকজনৰ পত্নী কমলা খাতুন । ঠেলাৰেই ঘৰৰ পৰা আনি নাওত উঠাই দুখনকৈ নদী পাৰ কৰি তাৰপিছত টেম্পুৰে বঙাইগাঁওৰ চিকিৎসালয়লৈ লৈ যায় । ৰোগী লৈ তৎকালীন ভাৱে চিকিৎসাৰ বাবে যোৱাৰ কোনো উপায় নাই ।

ইপিনে, যোৱা কেইদিনমান পূৰ্বে নদীৰ পাৰত সিপাৰৰ পৰা নাও অহাৰ অপেক্ষা কৰি থাকোতেই ৰোগীৰ মৃত‍্যু হ’বলগীয়া ঘটনা এইঅঞ্চলত সচৰাচৰ হয় বুলি জনায় স্থানীয় লোকে । স্থানীয় লোকে দীৰ্ঘদিনৰ পৰাই নদীৰ দলং বিচাৰি আবেদন জনায়ো বিফল হৈছে ।

অসম চৰকাৰ তথা বিটিচিৰ প্ৰশাসনে দলং দিয়াৰ প্ৰতিশ্ৰুতি প্ৰতিবছৰেই দিয়ে নিৰ্বাচনৰ আগত, কিন্ত নিৰ্বাচন পাৰ হ’লেই পাহৰি যায় সকলো । একেই অৱস্থা স্বাধীনতাৰ ৭৩ বছৰ পিচতো । কোনো পৰিৱৰ্তন নাই অঞ্চলটোৰ । অতি শীঘ্ৰেই কিবা এক ব্যৱস্থা কৰাৰ বাবে আহ্বান জনাইছে স্থানীয় বাসিন্দাসকলে।

Exit mobile version