মুখ্যমন্ত্ৰীৰ ঘোষিত ২২শ কোটি টকাৰ কোটিএ ২২ কোটিৰো তদন্ত নহ’ল

Screenshot 46

দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ শ্ল’গানৰ বিপৰীতে দিছপুৰত চলিছে হাড়গিলাৰ দৌৰাত্ম্য। ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগত সংঘটিত হোৱা ২২শ কোটিটকীয়া ভয়াবহ কেলেংকাৰীৰ তদন্তৰ ক্ষেত্ৰত পৰিলক্ষিত হৈছে এনে ঘটনা । ২০১৬ ত দিছপুৰত চৰকাৰ গঠনৰ কিছুদিন পাছতে স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিছিল যে বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত সমাজ কল্যাণ বিভাগৰ অধীনত শিশু আৰু প্ৰসূতি মাতৃৰ পুষ্টিকৰ খাদ্য যোগানকে ধৰি বিভিন্ন আঁচনিত ২২শ কোটি টকাৰ দুৰ্নীতি সংঘটিত হৈছে।

এই কেলেংকাৰী ফাদিলৰ নামত মুখ্যমন্ত্ৰীয়ে ব্যাপক প্ৰচাৰ লাভ কৰে। দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ নীতিৰ ফটা ঢোল বজাই সমাজ কল্যাণ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী সোণোৱালে তৎকালীনভাৱে এই বিশাল কেলেংকাৰীৰ তদন্তৰ নিৰ্দেশ দিয়ে। এই মৰ্মে তদানীন্তন বিভাগীয় সঞ্চালক এছ আই মীনাক্ষী সুন্দৰমে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাত এখন এজাহাৰ দাখিল কৰে।

উক্ত এজাহাৰৰ ভিত্তিত তদাৰকী শাখাই ১৯/২০১৬নম্বৰত এক গোচৰ ৰুজু কৰি ২০১৬ ৰ নৱেম্বৰত তদন্ত আৰম্ভ কৰে। প্ৰথমাৱস্থাত এই গোচৰত তদন্তকাৰীসকলৰ মাজত ব্যাপক তৎপৰতা পৰিলক্ষিত হয় যদিও অতি ৰহস্যজনকভাৱে বিগত সময়চোৱাত বন্ধ হৈ পৰে তদন্ত প্ৰক্ৰিয়া। স্বয়ং মুখ্যমন্ত্ৰীয়ে ২২শ কোটি টকাৰ কেলেংকাৰী ফাদিল হোৱা বুলি ঘোষণা কৰিলেও অতি চতুৰালিৰে ইন্দিৰা গান্ধী যোজনা আঁচনি ৰূপায়ণৰ নামত সংঘটিত মাত্ৰ তিনি কোটিটকীয়া দুৰ্নীতিৰ তদন্ত কৰিয়ে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই দায়িত্ব সমৰিবলগীয়া হয়।

এই দুৰ্নীতিত জড়িত অভিযোগত সমাজ কল্যাণ সঞ্চালকালয়ৰ একাধিক প্ৰাক্তন সঞ্চালককে ধৰি জিলা পৰ্যায়ৰ সমাজ কল্যাণ বিষয়া তথা কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে। এই গোচৰত অভিযুক্তসকলৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ পাছত সমাজ কল্যাণত সংঘটিত নিযুক্তি কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰে তদাৰকী শাখাই। এই গোচৰতে সমাজ কল্যাণ বিভাগৰ প্ৰাক্তন মন্ত্ৰী অকন বৰা, অজন্তা নেওগ, গৌতম ৰয়কে ধৰি কে’বাজনকো তদাৰকী শাখাই সোধপোছ কৰে। কিন্তু অতি আশ্চৰ্যজনকভাৱে লুণ্ঠনকাৰী চক্ৰৰ মূল ভূমিকা লোৱা কুখ্যাত যোগনিয়াৰ ঠিকাদাৰ এজনৰো বিৰুদ্ধে কোনো ব্যৱস্থাই লোৱা নহল।

ইতিমধ্যে দিছপুৰীয়া হাড়গিলাৰ পৃষ্ঠপোষকতাত তদন্ত প্ৰক্ৰিয়া স্তব্ধ হৈ পৰে। এইদৰেই শিশু আৰু প্ৰসূতি মাতৃৰ বাবে আবন্তিত হেজাৰ হেজাৰ কোটি টকা লুণ্ঠনৰ ঘটনাকো চৰকাৰে ৰাইজৰ চকুত ধূলি দি গাপ দি থ’লে । এতিয়া আৰু মুখ্যমন্ত্ৰীয়ে ফাদিল কৰা ২২শ কোটি টকীয়া কেলেংকাৰীৰ বিষয়ে কোনো কথা ৰাইজে শুনিবলৈ নাপায়। অৱশ্যে ‘দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা’ৰ শ্ল’গানৰ ধ্বনি অব্যাহত আছে।

Exit mobile version