শৰীৰৰ ওজন ২২৫কিলোগ্ৰাম: দৈনিক প্ৰয়োজন ১০ হেজাৰ কেলৰিৰ

Screenshot 49

অলপ বস্তুতে আনন্দ অনুভৱ নকৰে গেইনাৰ বুল ওৰফে ব্ৰায়ানে । কিয়নো ব্ৰায়ানৰ ওজন ২২৫ কিলোগ্ৰাম । শৰীৰ অনুযায়ী দৈনিক ১০ হেজাৰ কেলৰিৰ খাদ্য গ্ৰহণ কৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ এইজন নাগৰিকে । ১০ বছৰ বয়সৰ পৰা শৰীৰৰ ওজন বঢ়াবলৈ আৰম্ভ কৰে ব্ৰায়ানে । ২০ বছৰ বয়সৰ পৰা ক্ৰমান্বয়ে খাদ্য পৰিমাণ বঢ়াই শৰীৰৰ ওজন তেওঁৰ হয়গৈ ৮১ কিলোগ্ৰাম । এতিয়া ৪৪বছৰ অতিক্ৰম কৰিবলৈ লোৱাৰ সময়ত তেওঁৰ শৰীৰৰ ওজন হৈছেগৈ ২২৫ কিলোগ্ৰাম ।

অৱশ্যে নিজৰ দৈনিক প্ৰয়োজন হোৱা খাদ্যৰ বাবে ব্ৰায়ানে চিন্তা কৰিবলগীয়া নহয় । অনুৰাগী সকলেই ব্ৰায়ানৰ খাদ্যৰ ব্যয় বহন কৰে । ব্ৰায়ানৰ খোৱা খাদ্যৰ তালিকা অনলাইনতো বৰ্তমান উপলব্ধ হৈছে । ফেচবুক আৰু ইনষ্টাগ্ৰামত ব্ৰায়ানে নিজৰ ছবিৰ লগতে খোৱা বোৱা তথা শাৰীৰিক অনুশীলনৰ ভিডিঅ’ প’ষ্ট কৰি থাকে । এই ছবি আৰু ভিডিঅ’ চাবলৈ ব্ৰায়ানৰ ইতিমধ্যে বৃহৎ সংখ্যক অনুৰাগীৰ সৃষ্টি হৈছে ।

Exit mobile version