৭৪ সংখ্যক স্বাধীনতা দিৱস প্ৰাক ক্ষণত সমগ্ৰ দেশবাসীক সম্বোধন কৰিলে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে

135263 esnyuomvpo 1589455409

অতিমাৰী কৰ’নাৰ ভয়াৱহতাৰ মাজতে উদযাপন দেশত উদযাপন হ’ব ৭৪ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত আজি সন্ধিয়া দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে সমগ্ৰ দেশবাসীক সম্বোধন কৰে। দেশবাসীৰ লগতে বিদেশত থকা ভাৰতীয় সকলক ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি দেশত চলি থকা ক’ভিড পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰে ।

লগতে তেওঁ ক’ভিডৰ পিছৰ সময়খিনিত কেনেদৰে দেশবাসীয়ে উৎকৃষ্টতা দেখুৱাব লাগিব সেই বিষয়েও বক্তব্য আগবঢ়াই । ইয়াৰ উপৰিও যিসকলৰ বলিদান আৰু অহোপুৰুৰ্ষাথৰ বলত ভাৰতে স্বাধীনতা লাভ কৰিছিল সেই বীৰসকলক কৃতজ্ঞতাসহকাৰে মনত ৰখা প্ৰয়োজন বুলি মন্তব্য কৰে ৰাষ্ট্ৰপতি কোৱিন্দে।

কৰ’নাতংকৰ বাবে এইবাৰ স্বাধীনতা দিৱস পূৰ্বৰ দৰে নহ’ব । বেছি জনসংখ্যা আৰু ঘনত্বৰ দেশখনত অব্যাহত থকা ক’ভিড ১৯ ৰ যুঁজখনত সকলোৱে মিলি সহযোগ কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলিও তেওঁ উল্লেখ কৰে ।

Exit mobile version