আজি সমগ্ৰ ৰাজ্যত পালন কৰা হৈছে ৭৪ সংখ্যক স্বাধীনতা দিৱস। ইয়াৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কৰিছে কে’বাটাও বিশেষ ঘোষণা । ইয়াৰ ভিতৰত
- ৰাজ্যত উৎপাদিত ধানৰ এখন বৃহৎ বজাৰৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজি আৰু বাক্সাত ৰাইজ ক্লাষ্টাৰ স্থাপনৰ সিদ্ধান্ত ৷
- পথাৰ আৰু বজাৰৰ মাজত যোগাযোগ সূচলৰ বাবে ১০০০ খন মিনি ট্ৰাক প্ৰদানৰ সিদ্ধান্ত ৷
- প্ৰতিখন জিলাতে ধান ক্ৰয়ৰ বাবে কেন্দ্ৰ মুকলি ৷
- বিশ্বনাথ জিলাত চেন্টাৰ অফ এক্সচেলেঞ্চ ফৰ অৰ্গেনিক এগ্ৰিকালছাৰেল স্থাপন।
- প্ৰতিখন জিলাতে শীতলীকৰণ ভৰাঁল স্থাপনৰ লক্ষ্য ৷
- মাকৈ খেতিৰ বাবে নতুন কৰ্মসূচী ।
- হালধি,আদা আদি মচলাজাতীয় খেতিৰ বাবে নতুন কাৰ্যসূচী ৷
- আত্মসহায়ক গোটৰ বাবে মৎস পালনৰ ব্যৱস্থা ৷
- ২২০ টা বনা কল স্থাপনৰ বাবে ৩০ শতাংশ ৰাজসাহায্য প্ৰদান।