বাংগালুৰুৰ হিংসাত্মক ঘটনা : পুনৰ ২৪ বছৰীয়া যুৱকৰ মৃত্যু

suicide representation

■ ১১ আগষ্টত বাংগালুৰুত হোৱা হিংসাত্মক ঘটনাত জড়িত ২৪ বছৰীয়া এজন যুৱকৰ শনিবাৰে মৃত্যু ঘটে।
■ ঘটনাৰ লগত জড়িত থকা মৃতকৰ লোকৰ সংখ্যা বৃদ্ধি পায় ৪ জনলৈ ।
■ ” ১২ আগষ্টৰ পৰা যুৱকজন কাৰাগাৰত আছিল। যোৱা নিশা তেওঁক ব’ৰিং হাস্পতালত ভৰ্তি কৰোৱা হয়। সম্ভৱত যুৱকজনৰ কোনো পেটত  কোনো কঠিন বস্তুৰে আঘাত কৰিছিল ।” এনেদৰে কয় বাংগালুৰুৰ আৰক্ষী অধীক্ষক কমল পান্তে।
■ উল্লেখ্য যে, বাংগালুৰুৰ কংগ্ৰেছৰ বিধায়ক অখণ্ড শ্ৰী নিবাস মূৰ্তিৰ ভতিজাক নবীনে ফেচবুকত হজৰত মহম্মদক লৈ কৰা এক বিতৰ্কিত মন্তব্যৰ পিছতেই উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি ৷ পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় । যাৰ ফলত ১১ আগষ্টত তিনিজন লোকৰ মৃত্যু আৰু ৬০ জনতকৈ অধিক আৰক্ষী লোক আহত হৈছিল ।

Exit mobile version