অৱসৰৰ পিছত ভাৰতীয় সেনাবাহিনীৰ স’তে সময় কটোৱাৰ পৰিকল্পনা কৰিছে মহেন্দ্ৰ সিং ধোনীয়ে

Dhoni Wishes To Spend More Time With Indian

১৫ আগষ্টৰ দিনা আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় ল’লে টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ৷ সম্প্ৰতি অৱসৰৰ সময়ছোৱা ভাৰতীয় সেনাবাহিনীৰ স’তে কটোৱাৰ পৰিকল্পনা কৰিছে ধোনীয়ে ৷ এই কথা সদৰী কৰিছে ধোনীৰ প্ৰিয় বন্ধুসকলৰ অন্যতম অৰুণ পাণ্ডেই ।

এক সাক্ষাৎকাৰত অৰুণ পাণ্ডেয় কয় “মই জানিছিলো যে ধোনীয়ে অৱসৰৰ কথা ঘোষণা কৰিব ৷ কিন্তু এই ঘোষণা যে স্বাধীনতা দিৱসৰ দিনাই কৰিব সেই বিষয়ে মই জ্ঞাত নাছিলো । ধোনীয়ে আইপিএলৰ কাৰণে প্ৰস্তুতি কৰিছিল যদিও কৰ’না ভাইৰাছৰ কাৰণে এইয়া বাতিল হ’ল । তাৰ পিছত পুনৰ টি ২০ বাতিল হ’ল। ধোনী মানসিকভাৱে সকলো চিন্তা চৰ্চা কৰি এই সিদ্ধান্ত লৈছে ৷” আৰু ১৫ আগষ্ট অৰ্থাৎ ভাৰতীয় সেনা বাহিনীৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন। গতিকে অৱসৰৰ কাৰণে এই দিনটোকে গুৰুত্বপূৰ্ণ বুলি ভাবিলে ধোনীয়ে।

ইফালে ভাৰতীয় সেনাবাহিনীৰ সন্মানীয় লেফটেনেণ্ট কৰ্ণেল পদত আছিল মহেন্দ্ৰ সিং ধোনী ৷ ২০১৯ ত বিশ্বকাপৰ চেমীফাইনেলত পৰাজয় বৰণ কৰাৰ পিচত এমাহতকৈ অধিক সময় ভাৰতীয় সেনাৰ পেৰাচ্যুট ৰেজিমেণ্টত প্ৰশিক্ষণ লৈছিল ধোনীয়ে ৷ গতিকে ধোনীয়ে এতিয়া নিজৰ বানিজ্যিক দিশটোৰ প্ৰতি অধিক গুৰুত্ব দিব নে ভাৰতীয় সেনা বাহিনীৰ স’তে সময় কটাব সেয়া স্পষ্ট ৰূপত জানিব পৰা হোৱা নাই।

উল্লেখযোগ্য যে ১৫ আগষ্টত মহেন্দ্ৰ সিং ধোনীয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছতেই ভাৰতীয় দলৰ অন্যান্য ক্ৰিকেটাৰসকলৰ লগতে মাহীৰ অনুৰাগীসকল ভাগি পৰিছিল । ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীক উদ্দেশ্যি কৰি ধোনীয়ে সদৰী কৰিছিল “মৰম আৰু প্ৰেৰণাৰ কাৰণে ধন্যবাদ ৷ এতিয়া মোক প্ৰাক্তন বুলি ভাবি লওক ।”

ইফালে মহেন্দ্ৰ সিং ধোনীয়ে অৱসৰ লোৱাৰ এঘন্টাৰ পিছতে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লয় সুৰেশ ৰাইনাই । ৰেইনাই কয় “মাহী আপোনাৰ লগত খেলা প্ৰত্যেকটো মুহুৰ্ত বিশেষ ৷ আগলৈও আপোনাৰ লগতে আগবাঢ়ি যাব বিচাৰো ৷ দুজনকৈ মৰমৰ ক্ৰিকেটাৰে একেদিনাই অৱসৰ লোৱা ঘটনাই চুই গৈছে ক্ৰিকেট প্ৰেমীৰ হৃদয় ৷

উল্লেখযোগ্য যে একেসময়তে দুজনকৈ ক্ৰিকেটাৰে অৱসৰ গ্ৰহণ কৰা পিছতে ভাৰতৰ লগতে পাকিস্তানৰ দৰ্শক তথা ক্ৰিকেটৰ লগত জৰিয়ত লোকসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ১৯৯৬ ৰ পৰা ২০০৪ চনলৈ ধোনীৰ কোচ হিচাপে থকা চঞ্চল ভট্টাচাৰ্যই কয় যে মই ধোনীক ২০২১ ৰ টী ২০ খেলা চাব বিচাৰিছিলো । তেওঁৰ টি ২০ ত অৱদান অপৰিসীম ৷ কিন্তু ধোনীৰ অনুভৱ হ’ল যে অৱসৰ লোৱাটোৱেই তেওঁৰ কাৰণে উত্তম হ’ব সেয়ে তেওঁ এই সিদ্ধান্ত ল’লে ।

Exit mobile version