কা আন্দোলনত অংশ লোৱাতো আৱেগিক সিদ্ধান্ত আছিলঃ যতীন বৰা

aebab3ac 26f5 476f 838a c0496d05fef8

নাগৰিকত্ব সংশোধনী আন্দোলনত অংশ লোৱাটো আছিল মোৰ আৱেগিক সিদ্ধান্ত ৷ গুৱাহাটীস্থিত হোটেল গেটৱে’ত এখন সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে অভিনেতা যতীন বৰাই । লগতে যতীন বৰাই কয় যে আৱেগিক সিদ্ধান্তৰ কাৰণে তেওঁ বিজেপিৰ ওচৰত ক্ষমা বিচাৰিছে ৷

নাগৰিকত্ব সংশোধনী আইনক বাতিল কৰা কাৰণে সমগ্ৰ অসমৰ লগতে মহানগৰীত সৃষ্টি হোৱা পৰিস্থিতিৰ সন্দৰ্ভত বৰাই কয় “কা আন্দোলনে গুৱাহাটীখন বিধ্বস্ত কৰিলে ৷ এনে পৰিবেশ অসম আন্দোলনৰ সময়তো হোৱা নাছিল ৷”

ইফালে কা আন্দোলনৰ পৰিণতিত কোনোবা ৰাজ্যসভাৰ সাংসদ হ’ল বুলি মন্তব্য কৰে যতীন বৰাই । লগতে পূৰ্বৰ পৰা তেওঁ বিজেপি দলত আছে আৰু ভৱিষ্যতলৈও থাকিব বুলি স্থিতি স্পষ্ট কৰে যতীন বৰাই । উল্লেখযোগ্য যে যতীন বৰাৰ এই সংবাদমেলৰ পিছতেই ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Exit mobile version