গছৰ পাতত এম্ব্রইদাৰী: তলাবন্ধত হস্তশিল্পৰ জৰিয়তে উপাৰ্জন

WhatsApp Image 2020 08 17 at 3.56.35 PM

তলাবন্ধৰ সময়ছোৱাৰ সদব্যৱহাৰ কৰি উপাৰ্জনৰ পথ লাভ কৰিছে এগৰাকী উদীয়মান ফেশ্বন ডিজাইনাৰে। চৰাইদেউ জিলাৰ চেপনৰ টিফুক গাঁওৰ জয়শ্ৰী লেখাৰুয়ে গছৰ পাতত এম্ব্রইদাৰী কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। উদীয়মান ফেশ্বন ডিজাইনাৰ জয়শ্ৰীৰ তলাবন্ধৰ বাবে উপাৰ্জন কিছু পৰিমাণে হ্ৰাস পোৱাৰ ফলত কর্মব্যস্ততাও কমি গৈছে । আজৰি সময়ৰ সদব্যৱহাৰ কৰি জয়শ্ৰীয়ে গছৰ পাতত এমব্রইদাৰী কৰিবলৈ আৰম্ভ কৰিলে। প্ৰথম অৱস্থাত তেওঁ উক্ত হস্তশিল্পৰ জৰিয়তে ব্যৱসায়ৰ কথা চিন্তা কৰা নাছিল যদিও ছ’চিয়েল মিডিয়াৰ অন্যতম মাধ্যম ফেচবুক আৰু হোৱাটচএপ যোগে তেওঁ উক্ত হস্তশিল্পৰ ফটো ‘শ্বেয়াৰ’ কৰে।

তেওঁৰ উক্ত শিল্পকৰ্মই ছ’চিয়েল মিডিয়াত সমাদৰ লাভ কৰাত বৰ্তমান তেওঁ গছৰ পাতত এম্ব্রইদাৰ’ কৰি উক্ত ফটো ফ্ৰেমিং কৰি বিক্ৰী কৰাৰ কথা চিন্তা কৰিছে। এই সন্দৰ্ভত তেওঁ কয়, “এম্ব্রইদাৰী আৰু হুপ আৰ্ট কৰাটো মোৰ হ’বি। বৰ্তমান কামৰ ব্যস্ততা কমিছে বাবে কিছু ব্যতিক্ৰমী কামেৰে নিজক ব্যস্ত ৰখাৰ কথা চিন্তা কৰিলোঁ। তাৰ বাবেই গছৰ পাতত এম্ব্রইদাৰী কৰিব ললোঁ। ব্যৱসায়ৰ কথা ভবা নাছিলোঁ। কিন্তু দেখিবলৈ ভাল লগা হোৱাত এতিয়া ভাবিছোঁ ভৱিষ্যতে গ্ৰাহকে বিচাৰিলে বিক্ৰী কৰিম।”

প্ৰথমে আহত গছৰ কেঁচা পাতত জয়শ্ৰীয়ে এম্ব্রইদাৰী কৰিছিল। ইয়াৰ পিছত আন গছৰ পাত আৰু শুকান পাততো এম্ব্রইদাৰী কৰিবলৈ লৈছে। প্ৰথম পাতটোত এম্ব্রইদাৰী কৰিবলৈ প্ৰায় দুঘণ্টা মান সময় লাগিছিল বুলি কয় জয়শ্ৰীয়ে। অৱশ্যে কাপোৰৰ তুলনাত গছৰ পাতত এমব্রইদাৰী কৰাটো কিছু কঠিন বুলিও তেওঁ উল্লেখ কৰে। গছৰ পাত, বেজী আৰু এম্ব্রইদাৰী কৰা বিভিন্ন ৰঙৰ সূতাৰে নামমাত্ৰ খৰছত জয়শ্ৰীয়ে গছৰ পাতত এম্ব্রইদাৰী কৰিবলৈ সক্ষম হৈছে। ভৱিষ্যতে এই কলাৰ জৰিয়তে ব্যৱসায় কৰিলে লাভান্বিত হ’ব বুলি তেওঁ আশাবাদী।

উল্লেখ্য যে স্নাতক উত্তীৰ্ণ জয়শ্ৰীয়ে ফেশ্বন ডিজাইনিংত ডিপ্ল’মা গ্ৰহণ কৰিছে। যোৱা দুবছৰৰ পৰা জয়শ্ৰীয়ে বিভিন্ন সাজ-পোছাক ডিজাইন কৰি নিজৰ ব্যৱসায় আৰম্ভ কৰি স্বাৱলম্বী হবলৈ সক্ষম হৈছে। চাকৰিৰ আশা বাদ দি হস্তশিল্পৰ জৰিয়তে উপাৰ্জন কৰি স্বাৱলম্বী হোৱাৰ সপোন জয়শ্ৰীৰ। ভৱিষ্যতে নিজৰ ডিজাইন সমূহক এটা ‘ব্ৰেণ্ড’ নাম দি স্বাধীনভাবে নিজৰ ব্যৱসায়ত আগবাঢ়ি যাব বিচাৰে উদীয়মান ফেশ্বন ডিজাইনাৰ গৰাকীয়ে।

Exit mobile version