জম্মু কাশ্মীৰত পুনৰ সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ

download 6

জম্মু কাশ্মীৰৰ বাৰামুলা জিলাৰ কৰীৰ অঞ্চলত সন্ত্ৰাসবাদী, চিআৰপিএফ আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত তিনিজন ভাৰতীয় সেনা শ্বহীদ হয় ।এই সংঘৰ্ষত চিআৰপিএফৰ দুজন সেনা আৰু এজন আৰক্ষী বিষয়াৰ শৰীৰত গুলী লাগে যদিও তেওঁলোকক ততালিকে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইফালে জম্মু কাশ্মীৰৰ আই ই জি বিজয় কুমাৰে কয় যে ভাৰতীয় সেনাৰ গুলীত নিহত হৈছে দুটা সন্ত্ৰাসবাদী ৷ নিহত সন্ত্ৰাসবাদীটো লস্কৰ ই তৈবাৰ কমাণ্ডাৰ সজ্জাদ ওৰফে হাইদৰ আছিল । সন্ত্ৰাসবাদীৰ পৰা একে ৪৭ আৰু দুটা পিষ্টল উদ্ধাৰ কৰিছে ভাৰতীয় সেনাই ।

আনহাতে আৰক্ষীৰ লগত সন্ত্ৰাসবাদীৰ সংঘৰ্ষ সন্দৰ্ভত এইয়া দ্বিতীয়টো ঘটনা । ১৪আগষ্টত জম্মু কাশ্মীৰৰ ন’গাম জিলাত হোৱা সংঘৰ্ষত দুজন আৰক্ষী শ্বহীদ হয় । বিগত কিছুদিনৰ পৰা আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষৰ পৰিমাণ বৃদ্ধি পাইছে ৷ ১২আগষ্টতো বাৰামূলাৰ সোপাৰ অঞ্চলত সন্ত্ৰাসবাদী আৰু ভাৰতীয় সেনাৰ লগত হোৱা সংঘৰ্ষত এজন ভাৰতীয় সেনা শ্বহীদ হয়৷ কিছুদিন পূৰ্বে বাৰামূলা জিলাৰ সোপাৰ কস্বেত ১ জুলাইত চি আৰ পি এফ দলত সন্ত্ৰাসবাদীৰ আক্ৰমণ হৈছিল ৷

এই আক্ৰমণত এজন ভাৰতীয় সেনা শ্বহীদ হয় ৷ লগতে তিনিজন সেনা আহত হয় ৷ সন্ত্ৰাসবাদীৰ ফায়াৰিঙৰ মাজত এজন নাগৰিকৰ মৃত্যু হয় ৷ মৃত্যু হোৱা লোকজনৰ কাষতে আছিল তেওঁৰ তিনিবছৰীয়া নাতিন ৷ যি দৃশ্যই কপাঁই গৈছিল প্ৰত্যেকৰে হৃদয় ।

Exit mobile version