সাধাৰণ পৰিষদৰ বৈঠকৰ পূৰ্বে অগপত আন্তঃদলীয় ৰাজনীতি তুংগত

asom gana parishad comes out with first list of candidates for assam polls

বৰ্তমানৰ সমিতিৰ তিনি বছৰীয়া কাৰ্যকাল উকলাৰ পাছত চলিত মাহতে গঠন হ’ব অসম গণ পৰিষদৰ নতুন ৰাজ্যিক সমিতি। তাৰ বাবে অনুষ্ঠিত হ’ব সাধাৰণ পৰিষদৰ বৈঠক আৰু ইয়াৰ বাবেই সম্প্ৰতি অগপত আৰম্ভ হৈছে আন্তঃদলীয় তীব্ৰ ৰাজনৈতিক তৎপৰতা। ইয়াৰ পৰিপ্ৰেক্ষিতত অতুল বৰাৰ সভাপতিৰ আসন বাহাল থাকিব নে নতুন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত কি কি পদত সালসলনি হ’ব কোনটো লবীয়ে পাব প্ৰাধান্য,নে নিৰ্বাচনৰ আগত দল দ্বিখণ্ডিত হ’ব এইবাৰো বিধানসভা নিৰ্বাচনত বিজেপিৰ লগত মসৃণ মিত্ৰতা অব্যাহত ৰখাটো সম্ভৱ হ’বনে আদি প্ৰশ্ন সম্প্ৰতি দলীয় কৰ্মীসকলৰ মাজত চৰ্চিত হৈছে ।

উল্লেখযোগ্য যে অগপত লবীকেন্দ্ৰিক ৰাজনীতি পূৰ্বৰ দৰে অব্যাহত আছে ৷তাৰ অংশৰূপে অগপৰ সভাপতি অতুল বৰাসহ তেওঁৰ ফৈদৰ শীৰ্ষ নেতাসকলক আঁতৰোৱাৰ চেষ্টা দলৰে আন শিবিৰে অব্যাহত ৰাখিছে। এইবাৰো বৰা সভাপতিৰ পদত থকাটো নিশ্চিত বুলি দাবী কৰে বৰ্তমানৰ কেইজনমান কেন্দ্ৰীয় পৰিষদৰ নেতাই ।কাৰণ তেওঁৰ পক্ষে অধিকাংশ জিলা সমিতিৰ সমৰ্থন আছে।

তথাপি পানী ঘোলা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে একাংশ নেতাই ৷নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰ প্ৰসংগ আনি বিজেপিৰ লগত মিত্ৰতাৰ বিৰোধিতা কৰা বিষয়টো মূল আধাৰ কৰি তেনে সুযোগৰ অপেক্ষাত থকাসকলে অৱশ্যে বৰাৰ স্থানত কাক অধিস্থিত কৰিব তাকে লৈ দোমোজাত আছে।

দলীয় সূত্ৰৰ মত অনুযায়ী বিৰোধী লবিটোৰ নেতৃত্ব বহন কৰি থকাসকলৰ অন্যতম হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত । ইপিনে সাধাৰণ পৰিষদৰ বৈঠকৰ পূৰ্বে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব ৷ ইয়াত দলৰ সকলো জিলা সমিতিসমূহৰ সভাপতি সম্পাদকসকলে ভাগ লোৱাৰ সম্ভাৱনা আছে। দলক দ্বিখণ্ডিত তথা মত বিৰোধ বৃদ্ধি কৰাৰ যি ষড়যন্ত্ৰ অব্যাহত আছে তাৰ পৰিপ্ৰেক্ষিতত এই বৈঠকখন সভাপতি বৰাৰ নেতৃত্বত অনুষ্ঠিত হ’ব ।

ইতিমধ্যে কে’বাখনো জিলা সমিতিয়ে বৰ্তমানৰ ৰাজ্যিক নেতৃত্বক অৱগত কৰিছে যে তেওঁলোকে অতুল বৰাৰ নেতৃত্বত যি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব সেয়াই গ্ৰহণ কৰিব ৷

অৱশ্যে ৰাজ্যিক সমিতিৰ কে’বাটাও শীৰ্ষ পদত সালসলনি বিচাৰিছে অধিকাংশ জিলাই । সাধাৰণ পৰিষদৰ বৈঠকত জিলা সমিতিসমূহে এই পৰামৰ্শ আনুষ্ঠানিকভাৱে নেতৃত্বক দাখিল কৰিব বুলি দলৰ শীৰ্ষ নেতাৰ সূত্ৰই দাবী কৰে।

Exit mobile version