অচিৰেই সাধাৰণ লোকৰ মাজলৈ চীনৰ কৰ’না ভেকচিনঃ কিন্তু মূল্য কিমান?

coronavaccine1.v1

কৰ’না ভেকচিনৰ সন্দৰ্ভত সমগ্ৰ বিশ্বত চৰ্চা হৈ থকা মাজতে চীন দিছে এটা বিশেষ সুখবৰ । খবৰ অনুসৰি চীনে তৈয়াৰ কৰা ক’ভিড-১৯ ভেকচিন চলিত বৰ্ষৰ শেষত সাধাৰণ জনগণৰ মাজলৈ আহিব ৷ আজি চীনৰ চৰকাৰী সূত্ৰই জনোৱা অনুসৰি এই ভেকচিনৰ মূল্য হ’ব প্ৰায় ১০ হাজাৰতকৈও অধিক ৷

চাইনা নেশ্যনেল ফাৰ্মাউটিক গ্ৰুপৰ অধ্যক্ষ লিয়ু জিংগঝোনে কয় ” ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা হোৱাৰ পিছত ক’ভিড ভেকচিনৰ বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব ৷ এই ভেকচিনক চাইনাৰ চিনোফাৰ্ম ইউনিট ,চাইনা নেশ্যনেল বায়’টেক গ্ৰুপৰ সহায়কে যুটীয়াভাৱে প্ৰস্তুত কৰিছে ৷ ভেকচিনটো কে’বাহাজাৰ লোকৰ শৰীৰত পৰীক্ষা কৰা হ’ব ৷ ইতিমধ্যে চীনত পুনৰ কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে ৷

আনহাতে সংবাদমাধ্যমৰ সন্মুখত মতবিনিময় কৰি লিয়ুৱে কয় ” চীনৰ ১৪০ কোটি বাসিন্দাক ভেকচিন দিয়াৰ প্ৰয়োজন নাই । ছাত্ৰ-ছাত্ৰীসকল আৰু যিসকলে চহৰত কাম কৰে তেওঁলোককহে ভেকচিন দিয়া হ’ব । গ্ৰামাঞ্চলত বাস কৰা লোকসকলে এই ভেকচিন লোৱাৰ প্ৰয়োজন নাই । উল্লেখযোগ্য যে চীনৰ উহানৰ পৰা সংক্ৰমণ হোৱা কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল । কৰ’নাই ধ্বংস কৰিছে প্ৰযুক্তি বিদ্যাৰে উন্নত দেশসমূহক ৷

সম্প্ৰতি কৰ’নাৰ ভেকচিন আৱিষ্কাৰ কৰিবলৈ বিশ্বৰ প্ৰায়সমূহৰ দেশেই চেষ্টা অব্যাহত ৰাখিছে ৷ ইপিনে ৰাছিয়াই ভেকচিন তৈয়াৰৰ বাতৰি দি বিশ্বৰ প্ৰতিখন দেশক সচকিত কৰিছে ৷ কিন্তু ৰাছিয়াৰ ভেকচিনক বিশ্বাসত ল’ব পৰা নাই বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে বিশেষজ্ঞসকলে ৷ আনহাতে ভাৰতো ভেকচিন তৈয়াৰত অন্তিম পৰ্যায়ত উপস্থিত হৈছে ৷ কিন্তু কৰ’না ভাইৰাছৰ উৎপত্তি স্থল চীনৰ ভেকচিন কিমান নিৰাপদ সেয়া সময়েহে ক’ব ।

Exit mobile version