- বিগত আঢ়ৈ মাহে অবিৰত ভাৱে জ্বলি আছে বাঘজানৰ পাঁচ নং কূপত লগা জুই ৷
- কিন্তু সম্প্ৰতি বাঘজানৰ জুইকুৰা নুমাবলৈ ৫০ শতাংশ সক্ষম হৈছে বিশেষজ্ঞৰ দল ৷
- কাৰণ অইল ইণ্ডিয়া লিমিটেডে বহুৱালৈ সক্ষম হৈছে বি অ’ পি ৷
- আজি নিশা পৰ্যন্ত বাঘজানৰ জুই নুমুৱাৰ আশা কৰিছে বিশেষজ্ঞৰ দলে ৷
- আনহাতে বাঘজানত জুইত সৰ্বস্ব হেৰুৱাই সৰ্বস্বান্ত হোৱা লোকসকলৰ অৱস্থা ক্ৰমাৎ শোচনীয়তাৰ ফালে গতি কৰিছে ।
- সৰ্বস্বান্ত লোকসকলে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত চৰকাৰ আৰু অইল ইণ্ডিয়াৰ ওপৰত ক্ষোভ উজাৰিছে ৷
- উল্লেখযোগ্য যে বিগত সময়ত বাঘজানৰ জুই নুমুৱাবলৈ বিশেষজ্ঞৰ দলে চেষ্টা কৰিছিল যদিও বিফল হৈছিল যদিও সম্প্ৰতি অনতি পলমে বাঘজানৰ জুই নিৰ্বাপিত কৰি সুস্থিৰ পৰিবেশ ঘূৰাই আনিবলৈ সক্ষম হ’ব বুলি আশা কৰিছে বিশেষজ্ঞৰ দলে ৷
কেতিয়া নুমাব বাঘজানৰ জুই?
![Assam News Today | কেতিয়া নুমাব বাঘজানৰ জুই? - Dainik Agradoot | images](https://i0.wp.com/dainikagradoot.in/wp-content/uploads/2020/06/images.jpg?fit=300%2C168&ssl=1)