কেৱল নিৰ্বাচনী ঘোষণাতে থাকিল সীমা-সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি

border assam

অসমৰ ২৪খন জিলাৰ লগত সংলগ্ন হৈ আছে চুবুৰীয়া ৰাজ্যৰ সীমা । এই ৰাজ্যকেইখনে বেদখল কৰি আছে অসমৰ ৮৩২.৬৭ বৰ্গ কিলোমিটাৰ ভূমি৷এই বেদখলক লৈ মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ লগত অসমৰ দীৰ্ঘদিনৰ পৰা সীমা বিবাদ অব্যাহত আছে ৷

পূৰ্বৰ কেন্দ্ৰ আৰু ৰাজ্যৰ কংগ্ৰেছ চৰকাৰে অসমৰ দীৰ্ঘকালীন সীমা সমস্যাটোৰ স্থায়ী সমাধান কৰিব বুলি বাৰম্বাৰ প্ৰতিশ্ৰুতি দিও একো নকৰিলে ৷ সেই একে আশ্বাসৰ পুনৰাবৃত্তি বৰ্তমানৰ কেন্দ্ৰ ৰাজ্য চৰকাৰেও অসমবাসীক দিছিল । কিন্তু নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰে প্ৰথম পাঁচ বছৰত সমস্যাটোক লৈ একোৱেই নকৰিলে  ৷ দুৰ্ভাগ্যজনকভাৱে সাৰ-সুৰ নাই ৰাজ্যৰ বৰ্তমানৰ চৰকাৰখনৰো ৷

অথচ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধান বিজেপিৰ ২০১৬ ৰ বিধানসভা নিৰ্বাচনত দিয়া অন্যতম প্ৰতিশ্ৰুতি আছিল । ইতিমধ্যে চাৰে চাৰি বছৰ পাৰ কৰা চৰকাৰখনে ন্যায়ালয়ত বিচাৰাধীন বিষয়টোক লৈও কোনো তৎপৰতা নেদেখুৱালে । যাৰ বাবে সীমান্তত চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন অব্যাহত আছে ৷ এই সন্দৰ্ভত দিছপুৰৰ সূত্ৰই সদৰী কৰে যে সমস্যাটোৰ সমাধানৰ কৰ্তৃত্ব কেন্দ্ৰীয় চৰকাৰৰ হাতত ৷

সমান্তৰালভাৱে ৰাজ্য চৰকাৰো ইয়াত ভূমিকা আছে ৷ কিন্তু দুয়োখন চৰকাৰে এই ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই। শেহতীয়াকৈ গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ সীমা সমস্যাটোক লৈ হিমন্ত বিশ্ব শৰ্মাৰ লগত আনুষ্ঠানিকভাৱে বাৰ্তালাপ কৰে । এই ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰীজনে উচিত ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে ৷

লক্ষণীয় কথা হ’ল যে বিষয়টোৰ লগত কেৱল গৃহবিভাগটোহে জৰিত। মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰী নহয় । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ হাততহে ৰাজ্যৰ গৃহ বিভাগ আছে ৷ সেয়েহে শ্বাহৰ লগত বাৰ্তালাপ কৰাটো এক চমক বুলিহে দিছপুৰত চৰ্চা লাভ কৰিছে । আনহাতে এক বিশেষ সূত্ৰৰ মতে সীমা বিবাদক লৈ উচ্চতম ন্যায়ালয়ৰ শুনানি ইতিমধ্যে বন্ধ হৈ পৰিছে ৷ অসম চৰকাৰৰ উদ্যোগহীনতাৰ কাৰণে এই পৰিস্থিতিৰ সৃষ্টি হৈছে ।

ইপিনে যোৱা বছৰে অসম চৰকাৰৰ পৰা সংশ্লিষ্ট ৰাজ্যকেইখনৰ লগত সীমাৰ বিষয়টোক লৈ কাৰ্যত একো আলোচনা নহ’ল । সীমা সুৰক্ষাৰ ক্ষেত্ৰতো ৩০ টা অতিৰিক্ত চকী স্থাপনৰ সিদ্ধান্ততো গৃহীতহে হ’ল ৷ উক্ত চকী কেইটাৰ ভিতৰত অসম নাগালেণ্ড সীমান্তৰ গোলাঘাটত পাঁচ, যোৰহাটত তিনি, শিৱসাগৰত দুই, চৰাইদেউত এক, কাৰ্বি আলঙত দুই আৰু ডিমা হাচাওত তিনিটা স্থাপনৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰে ৷

তেনেদৰে অসম অৰুণাচল সীমান্তৰ লখিমপুৰত তিনিটা আৰু শোণিতপুৰত এটা চকী স্থাপনৰ সিদ্ধান্ত লোৱা হয় ৷ অসম মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলঙত তিনিটা আৰু কামৰূপত দুটা চকী স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে ৷ আনহাতে হাইলাকান্দিত অসম মিজোৰাম সীমান্তত স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে দুটা অতিৰিক্ত চকী ।

Exit mobile version