কৰ’নাৰ সন্ত্ৰাসৰ সময়ত বৃদ্ধি পোৱা ৰেলৰ টিকটৰ মূল্যৰ সন্দৰ্ভত আজি ভাৰতীয় ৰেল বিভাগে স্পষ্টীকৰণ দিয়ে ৷ কাৰণ ৰেল বিভাগে টিকটৰ মূল্য ৩ টকাৰ পৰা ৫০ টকালৈ বৃদ্ধি কৰিছে ৷ ৰেল বিভাগৰ মতে কৰ’নাৰ সংক্ৰমণ হ্ৰাস কৰিবলৈ লগতে সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ টিকটৰ মূল্য বৃদ্ধি কৰা হৈছে ৷ ৰেলৱে বৰ্ডৰ অধ্যক্ষ বিনোদ কুমাৰ যাদৱে কয় যে এই সময়ত সমগ্ৰ দেশ কৰ’নাৰ স’তে যুঁজ দি আছে ৷
মাৰ্চত যেতিয়া কৰ’নাই সমগ্ৰ দেশত সংহাৰী ৰূপ দেখাইছিল তেতিয়াই প্লেটফৰ্মত সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ স্বাৰ্থত টিকটৰ মূল্য বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লোৱা হৈছিল । এতিয়া যিমান ৰেল চলি আছে সকলোতে সামাজিক দূৰত্ব বৰ্তাই ৰখা হৈছে ।
ৰেল ষ্টেচনত যাতে মানুহৰ সমাগম হ্ৰাস হয় তাৰ কাৰণে টিকটৰ মূল্য বৃদ্ধি কৰা হৈছে বুলি সদৰী কৰে ৰেল বিভাগে । লগতে বিভাগটোৱে কয় যে যিসকলৰ ওচৰত ৰেল বিভাগৰ আগতীয়াকৈ টিকট কৰি থোৱা আছে, তেওঁলোকহে ৰেলৱে প্লেটফৰ্মত সোমাব পাৰিব । অন্যথা ৰেলৱে প্লেটফৰ্মত সোমাব নোৱাৰিব কোনো লোক ৷
উল্লেখযোগ্য যে কিছুদিন পূৰ্বতে কংগ্ৰেছৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ দিগ্বিজয় সিঙে কৈছিল যে কংগ্ৰেছ চৰকাৰৰ দিনত ৰেলৱে প্লেটফৰ্মৰ টিকটৰ মূল্য ৩ টকাৰ পৰা বিজেপি চৰকাৰৰ দিনত ৫০ টকালৈ বৃদ্ধি হয় ৷ দিগ্বিজয় সিঙৰ অভিযোগৰ প্ৰত্যুত্তৰত আজি ৰেল বিভাগে এই স্পষ্টীকৰণ দিয়ে ৷