গীতানগৰৰ সোনাৰাম পথৰ জৰাজীৰ্ণ অৱস্থা

WhatsApp Image 2020 08 18 at 5.53.43 PM

বৃহত্তৰ গীতানগৰ অঞ্চলৰ বাট-পথৰ সীমাহীন জৰাজীৰ্ণ অৱস্থাই বছৰ বছৰ জুৰি অঞ্চলবাসীক জুৰুলা কৰি আহিছে । বিভাগীয় কৰ্তৃপক্ষৰ চৰম কাণ্ডজ্ঞানহীনতাৰ বাবে অঞ্চলবাসীৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে । উদাহৰণস্বৰূপে গীতানগৰৰ সোনাৰাম পথৰ সীমাহীন জৰাজীৰ্ণ অৱস্থাই সুদীৰ্ঘ বছৰে অঞ্চলবাসীক জুৰুলা কৰি আহিছে ।

বৃহত্তৰ দিছপুৰ সমষ্টিৰ অন্তৰ্গত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ এই পথটো মেৰামতিকৰণত কোনো এখন চৰকাৰে সদিচ্ছা নোহোৱাৰ ফলত অঞ্চলবাসীয়ে চলাচল কৰাত প্ৰতিনিয়ত জীয়াতু ভুগিব লগা হৈছে । পথৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ ফলত বহু লোক দুৰ্ঘটনাত পতিত হ’ব লগা হৈছে ।

দিছপুৰ সমষ্টিৰৰ মূল সীমাত অৱস্থিত পথটো প্ৰায় ১ কিলমিটাৰ দৈৰ্ঘ্যৰ পথটো পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত সমষ্টিটোৰ বিধায়ক অকন বৰাই বহু বাৰ পথটোৰ মেৰামতিকৰণৰ আস্বাস দি আহিছিল যদিও সেয়া দিন বাগৰাৰ লগে লগে ফুটুকাৰ ফেনত পৰিণত হোৱা দেখা গ’ল । বহুবাৰ স্থানীয় বিধায়ক জনৰ ওচৰত অঞ্চল বাসীয়ে আবেদন কৰিছিল যদিও পথটোৰ মেৰামতিকৰণ আজি পৰ্যন্ত নহল । পিছত বিধায়ক অতুল বৰাৰ ওচৰতো অঞ্চলবাসীয়ে বহুবাৰ পথটো দুৰৱস্থাৰ সন্দৰ্ভত আবেদন নিবেদন কৰিও সুফল নাপালে ।

প্ৰণিধানযোগ্য যে, পথটোৰ নলা-নৰ্দমাৰ অৱস্থা একেবাৰে পুতৌ লগা, নাই বিজুলী বাতিৰ সু-ব্যবস্থা । এজাক বৰষুণতে পথটোৰ মাটি ক্ষয় যায় । ৰাইজে পুনৰ শ্ৰমদান কৰি যাতায়াতৰ বাবে কিছু উপযোগী কৰি তোলে পথটো । গতিকে অতি সোনকালে পথটো মেৰামতিকৰণৰ দাবী জনাইছে সোনাৰাম পথবাসীয়ে ।

Exit mobile version